NORTHEAST NOW (Assamese)

১০৮-১০২’ কৰ্মচাৰীৰ প্ৰতিবাদস্থলীৰ পৰা অখিল গগৈক গ্ৰেপ্তাৰ : অখিলৰ বিৰুদ্ধে ১৪৪ ধাৰা ভংগৰ অভিযোগ

September 9, 2018 2:43 pm · কল্পজ্যোতি শইকীয়া
Updated: September 10, 2018 6:48 pm
শনিবাৰে ১০৮-১০২' সেৱাৰ কৰ্মচাৰীৰ প্ৰতিবাদস্থলীত অখিল গগৈ। ফটো : নৰ্থইষ্ট নাও

বিগত ৫ দিন ধৰি জৰুৰীকালীন ১০৮, ১০২ৰ কৰ্মচাৰীসকলে লখৰাস্থিত জি ভি কেৰ মুখ্য কাৰ্য্যালয়ৰ সন্মুখত অৱস্থান ধৰ্মঘট কাৰ্য্যসূচী ৰূপায়ণ কৰি আছে। উক্ত প্ৰতিবাদী কাৰ্য্যসূচীত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উপদেষ্টা অখিল গগৈয়ে শনিবাৰে প্ৰতিবাদী কাৰ্য্যসূচীত অংশগ্ৰহণ কৰিছিল।

আনহাতে, আজি পুনৰ কৃষক নেতাগৰাকী প্ৰতিবাদস্থলীত উপস্থিত হোৱাত আৰক্ষীয়ে ১৪৪ ধাৰা ভংগ কৰাৰ অপৰাধত অখিল গগৈক গ্ৰেপ্তাৰ কৰে। আৰক্ষীয়ে উক্ত প্ৰতিবাদত অংশগ্ৰহণ কৰা অন্য বহুসংখ্যক প্ৰতিবাদকাৰীকো গ্ৰেপ্তাৰ কৰে।

উল্লেখ্য যে, শনিবাৰে জি ভি কে কৰ্তৃপক্ষৰ সৈতে বাক-বিতণ্ডাত লিপ্ত হোৱাৰ অপৰাধত সন্থাৰ ৰফিকুল ইছলাম, ফইজুল ইছলাম, প্ৰাঞ্জল শৰ্মা, প্ৰাঞ্জল শইকীয়াক আটক কৰিছিল গড়চুক আৰক্ষীয়ে।

ইপিনে শনিবাৰে প্ৰতিবাদত অংশগ্ৰহণ কৰি কৃষক নেতাগৰাকীয়ে জি ভি কে কৰ্তৃপক্ষ আৰু স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে ক্ষোভ উজাৰিছিল।

প্ৰতিবাদস্থলীত উপস্থিত থাকি অখিল গগৈয়ে স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক আক্ৰমণৰ লক্ষ্য কৰি লৈছিল। ‘’চাৰিদিন ধৰি ১০৮আৰু ১০২ গাড়ী অচল হৈ থকাৰ পাছতো দক্ষ স্বাস্থ্য মন্ত্ৰী হিমন্তই জি ভি কে কৰ্তৃপক্ষক প্ৰশ্ন কৰিবলৈ  সাহস কৰা নাই কিয়?”এইবুলিও মন্ত্ৰীজনক পোনপটীয়া প্ৰশ্ন কৰিছিল  কৃষক মুক্তিৰ নেতাজনে।

উক্ত প্ৰতিবাদস্থলীত উপস্থিত হৈ কৃষক নেতাগৰাকীয়ে জি ভি কে কৰ্তৃপক্ষ আৰু চৰকাৰক প্ৰতিবাদকাৰীসকলৰ দাবীসমূহ মানি ল’বৰ বাবে আহ্বান জনোৱাৰ লগতে কৈছিল যে যদি দাবীসমূহ  কৰ্তৃপক্ষই মানি নলয় তেন্তে জি ভি  কেক অসমৰ  পৰা বহিষ্কাৰ কৰিব লাগে।

 

Related News