NORTHEAST NOW (Assamese)
Popular Stories

আন্দোলন ঐক্যবদ্ধ নহলে অসমীয়া জাতি বিশ্বাসঘাটকতাৰ বলি হ’ব : অখিল গগৈ

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া January 24, 2020 1:05 pm

১৪ দিনৰ ন্যায়িক জিম্মাৰ পাছত আজি পুনৰ NIAৰ আদালতত হাজিৰ কৰোৱা হ’ল কৃষক নেতা অখিল গগৈক।

অসমবাসী ৰাইজক ঐক্যবদ্ধ সংগ্ৰাম গঢ়ি তুলিবলৈ আহ্বান অখিল গগৈৰ। সংগ্ৰাম জোৰদাৰ কৰি আদালতক ‘কা’ বাতিলৰ বাবে বাধ্য কৰিব লাগিব বুলি নেতাজনে মন্তব্য কৰাৰ লগতে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ বহু নেতাক গ্ৰেপ্তাৰ কৰাটো চৰকাৰৰ ষড়যন্ত্ৰ আখ্যা দিয়ে গগৈয়ে।

গগৈয়ে কয় ‘অসমৰ ৰাইজে জানে কিয় কৃষক মুক্তি নেতাবোৰক গ্ৰেপ্তাৰ কৰি থকা হৈছে। প্ৰতিকী আন্দোলনৰ সময়সীমা শেষ, এতিয়া জোৰদাৰ আন্দোলন হ’ব লাগে। অসমত এতিয়ালৈকে জোৰদাৰ আন্দোলন হোৱা নাই। আন্দোলন ঐক্যবদ্ধ নহলে অসমীয়া জাতি বিশ্বাসঘাটকতাৰ বলি হ’ব। সকলোকে ঐক্যবদ্ধ হৈ সংগ্ৰাম গঢ়ি তুলিবলৈ আহ্বান জনাইছোঁ যাতে আদালতে ‘কা’ বাতিল কৰে।’

উল্লেখযোগ্য যে সমগ্ৰ ৰাজ্যতে ‘কা’ বিৰোধিতাৰে উত্তাল প্ৰতিবাদ চলি থকাৰ মাজতে যোৱা ১২ ডিচেম্বৰত কৃষক নেতা অখিল গগৈক যোৰহাটৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল।

ইয়াৰ পাছতে ১৪ ডিচেম্বৰত NIAই গগৈৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছিল। সংস্থাটোৱে দাখিল কৰা এজাহাৰত কৃষক নেতা গৰাকীক মাওবাদী সজোৱাৰ লগতে তেওঁৰ বিৰুদ্ধে কেইবাটাও বে-আইনী কাৰ্যকলাপ প্ৰতিৰোধ আইনৰ ধাৰা জাপি দি ১৬ ডিচেম্বৰত গগৈক NIAই গ্ৰেপ্তাৰ কৰিছিল।

অখিল গগৈৰ উপৰে কৃষক মুক্তি সাধাৰণ সম্পাদক ধৈৰ্য্য কোঁৱৰ, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ নেতা বিতু সোনোৱাল, মানস কোঁৱৰক NIAই গ্রেপ্তাৰ কৰাৰ উপৰি সংগঠন দুটাৰ ইজনৰ পিছত সিজনকৈ নেতা-কৰ্মীক অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।