NORTHEAST NOW (Assamese)
অসম

বৃহৎ নদীবান্ধৰ বিৰুদ্ধে ৰাজ্যজুৰি কৃষক মুক্তিৰ প্ৰতিবাদ : বৰপেটাত দুই ঘন্টীয়া অৱস্থান ধৰ্মঘট

Posted by: পুলেন্দ্ৰ দাস August 31, 2018 2:16 pm
বৰপেটা

বৃহৎ নদীবান্ধৰ প্ৰতিবাদত আজি ৰাজ্যজুৰি  কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ৷ বৃহৎ  নদীবান্ধৰ বিৰুদ্ধে আক্ৰমণাত্মক ভূমিকা গ্ৰহণ কৰি অহা কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে আজি ৰাজ্যজুৰি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি বৃহৎ নদীবান্ধৰ নিৰ্মাণ কাৰ্য বন্ধ ৰখাৰ বাবে চৰকাৰক সকীয়াই দিয়ে।

এই কাৰ্যসূচীৰ অংশ হিচাপে  কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কৰ্মীসকলে আজি বৰপেটা আৱৰ্ত ভৱনৰ সন্মুখত  দিনৰ ১১ বজাৰ পৰা দুই ঘন্টীয়া অৱস্থান ধৰ্মঘট  কাৰ্যসূচী ৰূপায়ণ কৰি পৰিৱেশ উত্তাল কৰি তোল।

উক্ত অৱস্থান ধৰ্মঘটত অংশগ্ৰহণ কৰি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় প্ৰচাৰ সম্পাদক ৰাতুল হুছেইনে সৰ্বসাধাৰণ লোকৰ জীৱনলৈ বিপদ মাতি অনা বৃহৎ নদীবান্ধৰ কাম অতি শীঘ্ৰে বন্ধ কৰাৰ বাবে দাবী উত্থাপন কৰে ৷

এই কাৰ্যসূচীত কৃষক নেতা  গুৰুপ্ৰসাদ দাস, কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য তথা বৰপেটা জিলাৰ সভাপতিদ্বয় নিৰঞ্জন ৰয় আৰু ৰফিকুল ইছলাম, কাৰ্যকৰী সভাপতি মাধৱ দাস, যুটীয়া সম্পাদকদ্বয় দণ্ডীনাথ বৰ্মণ, কাজি নাজিমুল হক, মুখ্য সাংগঠনিক সম্পাদক মিতুল ডেকা প্ৰমুখ্যে বিভিন্ন প্ৰান্তৰ পৰা অহা কৃষক মুক্তিৰ নেতা কৰ্মীসকল উপস্থিত থাকে।