NORTHEAST NOW (Assamese)
অসম

Protest against Price hike মূল্যবৃদ্ধিৰ বিৰুদ্ধে টাইয়াৰ জ্বলাই পথ অৱৰোধৰে জাগুনত উত্তাল প্ৰতিবাদ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ

Posted by: মানস প্রতীম গগৈ, মাৰ্ঘেৰিটা Updated by: মানস প্রতীম গগৈ, মাৰ্ঘেৰিটা November 27, 2021 7:34 am
Videoframe_20211126_190604_com

Protest against Price hike মূল্যবৃদ্ধি ৰোধ কৰিব নোৱাৰা অসম চৰকাৰ হায় হায়, যোগান বিভাগ মুৰ্দাবাদ, এই জুই জ্বলিছে, এই সংগ্ৰাম চলিছে চলিবই, প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ আদি শ্ল’গানেৰে শুকুৰবাৰে মাৰ্ঘেৰিটাৰ জাগুনৰ আকাশ বতাহ কঁপাই তোলে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে।

তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা মহকুমাৰ টিৰাপ গেটত টিৰাপ-জাগুন আঞ্চলিক ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগ ৩১৫ নং ৰাষ্ঠীয় ঘাই পথত টাইয়াৰ জ্বলাই ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।

অত্যাৱচ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধৰ প্ৰতিবাদত এই কাৰ্য্যসূচী ৰূপায়ণ কৰে ছাত্ৰ সংগঠনটোৱে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰতিকৃতি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে সংগঠনটোৰ সদস্য সকলে।

Also Read: Operation Against Drugs বোকাখাতত নিষিদ্ধ ড্ৰাগছ সহ দুজন যুৱকক আটক

পুৱা দহ বজাৰ পৰা প্ৰায় দুই ঘণ্টা পথ অৱৰোধ কাৰ্যসূচীত পথটোৰ দুয়ো পাৰে যান বাহন চলাচল ব্যাহত হৈ পৰা পৰিলক্ষিত হয়। 

ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি টিৰাপ-জাগুন আঞ্চলিক সমিতিৰ উদ্যোগত টিৰাপ গেট তিনিআলিত অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী, পেট্ৰলজাত সামগ্ৰীৰ লগতে ৰন্ধন গেছৰ আকাশলংঘী মূল্যবৃদ্ধি ৰোধ কৰিবলৈ ব্যৰ্থ হোৱা প্ৰধানমন্ত্ৰীৰ পুত্তলিকা দাহ কাৰ্যসূচীত উপস্থিত থাকে টিৰাপ-জাগুন আঞ্চলিক সমিতিৰ সভাপতি বাৰীক খন, কাৰ্যকৰী সভাপতি ধৰ্মৰাজ শৰ্মা আৰু যুটীয়া সম্পাদক দিল হাজং।

Also Read:Covid Update ৰাজ্যত নতুনকৈ কিমান আক্ৰান্ত হ’ল কোভিডত; কিমানৰ মৃত্যু?

প্ৰতিবাদস্থলীৰ পৰাই ছাত্ৰ মুক্তিৰ নেতৃত্বই  অনতিপলমে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধ কৰিব নোৱাৰিলে তীব্ৰ গণতান্ত্ৰিক আন্দোলনৰ সন্মুখীন হ’বলৈ বিজেপি নেতৃত্বাধীন চৰকাৰখনক সাজু থাকিবলৈ হুংকাৰ প্ৰদান কৰে।