NORTHEAST NOW (Assamese)
অসম

নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত হোজাইত কৃষক মুক্তিৰ গণ সত্যাগ্ৰহ

Posted by: নিখিল মুন্দ্ৰা November 28, 2018 6:32 pm
KMSS protest

জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত হোজাই জিলাৰ সদৰ শংকৰদেৱ নগৰস্থিত উপায়ুক্তৰ কাৰ্যালয়ৰ সম্মুখত আজি কৃষক মুক্তি সংগ্ৰাম সমিতিকে ধৰি কেবাটাও দল সংগঠনে এক গণ সত্যাগ্ৰহ কাৰ্যসূচী ৰূপায়ণ কৰে।

দিনৰ ১১ বজাত প্ৰায় ২ শতাধিক প্ৰতিবাদকাৰীয়ে শংকৰদেৱ নগৰৰ কৃষক ভৱনৰ সম্মুখৰ পৰা প্ৰতিবাদী সমদল উলিয়াই উপায়ুক্ত কাৰ্যালয়ৰ চৌহদ ঘেৰাও কৰে। ইয়াৰ উপৰি প্ৰতিবাদস্থলীত কেন্দ্ৰ আৰু ৰাজ্যৰ বিজেপি চৰকাৰক ক্ষুৰধাৰ সমালোচনা কৰে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি ৰাজু বৰাই।

কৃষক মুক্তিৰ সভাপতি গৰাকীয়ে বিজেপি দলে স্থায়ীভাৱে ভোট বেংক সৃষ্টি কৰাৰ স্বাৰ্থত বাংলাদেশৰ হিন্দু লোকসকলক সংস্থাপন দিবলৈ নাগৰিকত্ব সংশোধনী বিধেয়ক আইনত পৰিণত কৰাৰ ষড়যন্ত্ৰত লিপ্ত হোৱা বুলি অভিযোগ তোলে।

আনহাতে জাতিধ্বংসী বিধেয়কখন আইনত পৰিণত হ’লে অসমৰ ভাষা, সাহিত্য, সভ্যতা, সংস্কৃতিৰ প্ৰতি তীব্ৰ ভাবুকি কঢ়িয়াই আনিব বুলিও বৰাই মন্তব্য কৰে।

আজিৰ প্ৰতিবাদস্থলীত প্ৰতিবাদকাৰী সকলে ‘বিজেপি চৰকাৰ মুৰ্দাবাদ, বিজেপি হুঁ‌চিয়াৰ, জাতিদ্ৰোহী সাৱধান, নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰক, সৰ্বানন্দ সোণোৱাল গ`বেক’ আদি শ্লগানেৰে পৰিৱেশ উত্তাল কৰি তোলা দেখা যায়।