NORTHEAST NOW (Assamese)

তথ্য জনাৰ অধিকাৰ আইনত হাতুৰী! আইনখন পুনৰ বিবেচনা কৰাৰ প্ৰস্তাৱ অৰ্থনৈতিক জৰীপৰ

January 30, 2026 5:45 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: January 30, 2026 5:09 pm

শেহতীয়াকৈ সংসদত দাখিল কৰা ২০২৫-২৬ বৰ্ষৰ অৰ্থনৈতিক জৰীপত তথ্য জনাৰ অধিকাৰ (RTI) আইনখনৰ প্ৰাসংগিকতা আৰু ইয়াৰ ব্যৱহাৰিক দিশসমূহ পুনৰীক্ষণ কৰাৰ প্ৰস্তাৱ দিয়া হৈছে।

জৰীপৰ প্ৰতিবেদনত উল্লেখ কৰা হৈছে যে এই আইনখন চৰকাৰী কাম-কাজত স্বচ্ছতা আৰু জবাবদিহিতা সুনিশ্চিত কৰিবলৈ প্ৰণয়ন কৰা হৈছিল যদিও ইয়াৰ মূল উদ্দেশ্য বৰ্তমান কিছু বিচলিত হোৱা যেন পৰিলক্ষিত হৈছে।

বিশেষকৈ, এই আইনখন কেতিয়াও কোনো ব্যক্তিৰ অহেতুক বা বৃথা কৌতুহল নিবাৰণৰ আহিলা হিচাপে ব্যৱহাৰ কৰিবলৈ তৈয়াৰ কৰা হোৱা নাছিল বুলি জৰীপত স্পষ্ট কৰি দিয়া হৈছে।

অৰ্থনৈতিক জৰীপৰ মতে, বহু সময়ত জনস্বাৰ্থৰ সৈতে কোনো সম্পৰ্ক নথকা তথ্য বিচাৰি আবেদন কৰাৰ ফলত চৰকাৰী বিভাগসমূহৰ ওপৰত অহেতুক কামৰ বোজা বৃদ্ধি পাইছে, যিয়ে প্ৰশাসনিক দক্ষতাত নেতিবাচক প্ৰভাৱ পেলাইছে।

সেয়েহে, চৰকাৰী সম্পদ আৰু সময়ৰ সঠিক ব্যৱহাৰ সুনিশ্চিত কৰিবলৈ আইনখনৰ নীতি-নিৰ্দেশনাসমূহ পুনৰ বিচাৰ কৰি চোৱাৰ প্ৰয়োজনীয়তা আছে। জৰীপখনত এই বুলিও গুৰুত্ব আৰোপ কৰা হৈছে যে তথ্যৰ অধিকাৰ আৰু প্ৰশাসনৰ সুচাৰু পৰিচালনাৰ মাজত এক সুস্থ ভাৰসাম্য থকাটো দেশৰ সামগ্ৰিক বিকাশৰ বাবে অত্যন্ত জৰুৰী।

Related News