NORTHEAST NOW (Assamese)
Popular Stories

দাম্পত্য জীৱনত স্বামী-স্ত্ৰীৰ মাজত প্ৰেমৰ তীব্ৰতা, যৌনজীৱনৰ মাদকতা অনাত বাস্তুশাস্ত্ৰৰ প্ৰভাৱ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী April 23, 2023 1:34 pm
দাম্পত্য জীৱনত স্বামী-স্ত্ৰীৰ মাজত প্ৰেমৰ তীব্ৰতা, যৌনজীৱনৰ মাদকতা অনাত বাস্তুশাস্ত্ৰৰ প্ৰভাৱ

গৃহ নিৰ্মাণ আৰু গৃহসজ্জাৰ সৈতে জড়িত বিশ্বাসবোৰৰ ভিতৰত বাস্তুশাস্ত্ৰই গোটেই বিশ্বৰ মানুহৰ ওচৰত গুৰুত্ব লাভ কৰি আহিছে।

এই শাস্ত্ৰৰ বিচাৰত গৃহ আৰু তাৰ অংশবোৰৰ বিভিন্ন দিশীয় অৱস্থান অতি গুৰুত্বপূৰ্ণ।

শেহতীয়াকৈ বাস্তুশাস্ত্ৰীয় প্ৰভাৱ সফল দাম্পত্য জীৱন আৰু স্বামী-স্ত্ৰীৰ মাজৰ প্ৰেমৰ ওপৰতো আছে বুলি দাবী কৰিছে বাস্তুশাস্ত্ৰ বিশেষজ্ঞসকলে।

দাম্পত্য আৰু স্বামী-স্ত্ৰীৰ মাজৰ প্ৰেমক নতুন মাত্ৰা দিয়াত শোৱনি কোঠা, বিছনাৰ অৱস্থান, বিছনা চাদৰ, পোহৰ, আইনা আদিয়ে ভূমিকা লয় বুলি বিশেষজ্ঞসকলৰ দাবী।

বাস্তুশাস্ত্ৰই কৰা দাবীবোৰ এনে ধৰণৰ :

শোৱনি কোঠা আহল-বহল হোৱা উচিত আৰু ই ঘৰটোৰ দক্ষিণ-পশ্চিম দিশত থকা উচিত। ই প্ৰেম আৰু সম্পৰ্কৰ বান্ধোন মজবুত কৰে বুলি দাবী। শোৱনি কোঠা সদায়ে চাৰি চুকীয়া হোৱা উচিত আৰু ইয়াৰ পূব দিশটো আৱৰ্জনা আৰু বিশৃংখলাৰ পৰা মুক্ত হোৱা উচিত।

সেইদৰে বিছনাখন আৰামদায়ক আৰু দক্ষিণ-পশ্চিম দিশত হোৱা উচিত।

শোৱনি কোঠা আৰু বিছনা চাদৰৰ ৰঙে বহুখিনি প্ৰভাৱ পেলায়। ৰঙা ৰং প্ৰেমৰ প্ৰতীক। কিন্তু অতি টিকটিকীয়া ৰঙা ভাল নহয়। পাতল নীলাও ল’ব পাৰি।

ভৰিৰ পঠানৰ ফালে আইনা ৰাখিব নালাগে আৰু ৰাখিলেও কাপোৰেৰে ঢাকি ৰাখিব লাগে।

পোহৰ মৃদু আৰু ৰোমাণ্টিক কৰিবৰ বাবে মমবাতি নিৰ্বাচন কৰিব পাৰে।

নিবিড়ভাৱে থকা দম্পতীৰ ছবি বা নিজৰো তেনে মুহূৰ্তৰ ছবি ৰাখিলে ভাল। কোনো নেতিবাচক ভাব আনিব পৰা আকৃতি বা জীৱ-জন্তুৰ ছবি ৰাখিব নালাগে।