NORTHEAST NOW (Assamese)
Popular Stories

আপোনাক টকা লাগে, ATMত টকা আছে নে নাই কেনেকৈ জানিব?

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ November 16, 2019 12:43 pm
hdfhdf_5dce4962a6cb7

আজিৰ এই ডিজিটেল যুগত মানুহে ঘৰত টকা সাচি ৰাখিবলৈ এৰি দিছে। সেয়ে প্ৰয়োজনত অধিক বেছি ভৰসা কৰিব লগীয়া হয় ATM সমূহক।

কিন্তু কেতিয়াবা প্ৰয়োজনীয় সময়ত ATM সমূহত টকা নথকা বা গ্ৰাহকৰ দীঘলীয়া শাৰিৰ বাবে বিভিন্ন জনে সমস্যাত পৰাও দেখা যায়। একাউণ্টছত টকা থকাৰ পিছতো বিমুখ হ’ব লগীয়া হয় গ্ৰাহক সকল।

এই সমস্যাৰ পৰা গ্ৰাহক সকলক পৰিত্ৰাণ দিয়াৰ লক্ষ্যৰে য়ুনিয়ন বেংকে মুকলি কৰিছে এটা U-Mobile নামৰ এপ। এই এপটোৰ জৰিয়তে গ্ৰাহক সকলে ATMত টকা আছে নে নাই চাব পাৰিব।

ইয়াৰ বাবে বেংকে চলন্ত জৰীপৰ ব্যৱস্থা কৰিছে।

গ্ৰাহক সকলৰ সুবিধাৰ্থে মুকলি কৰা এই এপটোৱে টকা থকা ATMত সেউজীয়া চিহ্ন আৰু খালী হৈ থকা ATMত ৰঙা চিহ্নৰ সংকেত দিব।

উল্লেখ্য যে, সমগ্ৰ ভাৰততে য়ুনিয়ন বেংকৰ মুঠ ৭০০০ ATM আছে। এই এপটোৰ জৰিয়তে তিনিটা ভিন্ন দূৰত্বৰ (০-৩ কি.মি, ৩-৫ কি.মি আৰু ৫-১০ কি.মি) ATMৰ সবিশেষ উপলব্ধ হ’ব।

য়ুনিয়ন বেংক অব ইণ্ডিয়াৰ চি এম ডি ৰাজকিৰণ ৰায়ে জনোৱা অনুসৰি, ইতিমধ্যে মুকলি কৰা হৈছে য়ুনিয়ন বেংকৰ U-Mobile এপ। এই এপটোৰ জৰিয়তে ATMত টকা থকা নথকা আদি সকলোবোৰ জানিব পাৰিব।