NORTHEAST NOW (Assamese)
অসম

চৌপাশৰ নেতিবাচক লোকৰ বাবে উদ্বিগ্ন নেকি? নিজকে শান্ত ৰাখিবলৈ জানি লওক যাদুকৰী টিপছ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী April 17, 2026 7:45 am

আমাৰ চৌপাশে এনেকুৱা মানুহ আছে যিয়ে সকলো সময়তে কিবা এটা কথাত অভিযোগ কৰে বা নেতিবাচক কথা কয়। তেওঁলোকৰ লগত বহুদিন থাকিলে আপোনাৰ মনতো চাপ পৰে আৰু কাম কৰাৰ প্ৰেৰণা হেৰাই যায়। কিন্তু সমাজত বা কৰ্মক্ষেত্ৰত এনে লোকৰ পৰা আঁতৰি থকাটো সদায় সম্ভৱ নহয়। গতিকে, আপোনাৰ মানসিক শান্তি বজাই ৰাখি এই পৰিস্থিতি কেনেকৈ চম্ভালিব পাৰি তাৰ কিছুমান সহজ উপায় জানি লওক-

১) তৰ্কত লিপ্ত নোহোৱাকৈ শান্ত হৈ থাকক: নেতিবাচক মানুহে প্ৰায়ে বিচাৰে যে আপুনি তেওঁলোকৰ লগত একমত হওক বা উত্তেজিতভাৱে প্ৰতিক্ৰিয়া প্ৰকাশ কৰক। কিন্তু তেওঁলোকৰ লগত তৰ্কত লিপ্ত হ’লে আলোচনাৰ নেতিবাচকতা আৰু বাঢ়িব। গতিকে যেতিয়া কোনোবাই আপোনাৰ সন্মুখত অভিযোগ কৰি থাকে তেতিয়া কেৱল শান্তভাৱে শুনক। কোনো ধৰণৰ কঠোৰ মন্তব্য নকৰিব। আপোনাৰ উদাসীন মনোভাৱ দেখি তেওঁলোকে এটা সময়ত কথা কোৱাৰ উৎসাহ হেৰুৱাব।

) কথা-বতৰাৰ মোৰ ঘূৰাই দিয়ক: নেতিবাচক মানুহে কেৱল সমস্যাৰ ওপৰত গুৰুত্ব দি ভাল পায়। আলোচনাৰ দিশটো সমস্যাৰ পৰিৱৰ্তে সমাধানৰ দিশত ল’বলৈ চেষ্টা কৰক। উদাহৰণস্বৰূপে, কোনোবাই যদি অফিচৰ কামৰ হেঁচাত সকলো সময়তে অভিযোগ কৰে, তেন্তে তেওঁক সুধিব, ‘আপুনি এই চাপ কমোৱাৰ বাবে কি চিন্তা কৰিছে?’ বা ‘ বলক ফ্ৰেচ হ’বলৈ কফি একাপ খাওঁ।’ ইয়াৰ ফলত কথা-বতৰাৰ বিষাক্ত চোক অলপ কমি যাব।

৩) নিজকে নাইবুলি কবলৈ শিকক: আপোনাৰ সময় মূল্যৱান। যদি কোনোবাই আপোনাক ঘণ্টাৰ পিছত ঘণ্টা ধৰি কাণ ঘোলা কৰি আছে, তেন্তে ভদ্ৰভাৱে আঁতৰি যাওক। আপুনি পোনপটীয়াকৈ ক’ব পাৰে, ‘মই আপোনাৰ কথা শুনিছো, কিন্তু এতিয়া মোৰ এটা জৰুৰী কাম আছে, গতিকে মই উঠিব লাগিব।’ এই সীমা নিজৰ বাবে সৃষ্টি কৰাটো অতি প্ৰয়োজনীয়, নহ’লে আনে আপোনাৰ মানসিক শক্তি শুহি নিব।

৪) সকলো কথা ব্যক্তিগতভাৱে লব নালাগে: মনত ৰাখিব নেতিবাচক মানুহ আচলতে নিজৰ বা নিজৰ পৰিস্থিতিৰ ওপৰত অসুখী। তেওঁলোকৰ কঠোৰ কথাৰ ধৰণ বা আচৰণৰ কাৰণ আপুনি নহয়, তেওঁলোকৰ নিজৰ মানসিকতাহে। গতিকে, যদি তেওঁলোকে আপোনাৰ বা আন কাৰোবাৰ বিষয়ে কিবা কয়, তেন্তে সেইটো মনত ধৰিব নালাগে। কথাটো তাতেই এৰি দিয়ক।

) ইতিবাচক মানুহৰ সংগ লওক: যদি আপুনি দিনটোৰ বেছিভাগ সময় নেতিবাচক পৰিস্থিতিত কটায়, তেন্তে বাকী সময়খিনি এনেকুৱা মানুহৰ লগত কটাওক যিয়ে আপোনাক হাঁহিবলৈ বা নতুন কিবা এটা শিকাব পাৰে। ভাল কিতাপ পঢ়া, গান শুনা বা ভাল লগা কাম এটা কৰিলেও এই মানসিক চাপৰ পৰা উপশম পাব।

৬) অপ্ৰয়োজনীয় পৰামৰ্শ দিয়া বন্ধ কৰক: বহু সময়ত আমি ভাবো যে পৰামৰ্শ দি নেতিবাচক মানুহক সলনি কৰিম। কিন্তু বাস্তৱতা হ’ল, যিসকলে কেৱল অভিযোগ কৰাত অভ্যস্ত, তেওঁলোকে সমাধানতকৈ সহানুভূতি বা মনোযোগ বেছি বিচাৰে। গতিকে সেইবোৰ সলনি কৰাৰ দায়িত্ব লোৱাতকৈ নিজকে ভালে ৰখাৰ চেষ্টা কৰক।

আপোনাৰ চৌপাশৰ পৰিৱেশ সদায় আপোনাৰ নিয়ন্ত্ৰণত নাথাকে, কিন্তু আপোনাৰ মনত কাৰ কথাৰ প্ৰভাৱ পৰিব তাৰ চাবিকাঠি আপোনাৰ হাতত। নিজকে ইতিবাচক কৰি ৰখাটোৱেই এনে পৰিস্থিতি চম্ভালিবলৈ সৰ্বোত্তম কৌশল।