NORTHEAST NOW (Assamese)
Popular Stories

Miss World 2023: ২১ বছৰীয়া মিছ ইণ্ডিয়া ছিনি শ্বেট্টী এইবাৰ বিশ্ব সুন্দৰীৰ মঞ্চত; জানেনে এই সুন্দৰীৰ পৰিচয়?

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী June 13, 2023 12:33 pm
Miss World 2023: ২১ বছৰীয়া মিছ ইণ্ডিয়া ছিনি শ্বেট্টী এইবাৰ বিশ্ব সুন্দৰীৰ মঞ্চত; জানেনে এই সুন্দৰীৰ পৰিচয়?

২১ বছৰীয়া ছিনি শ্বেট্টী বৰ্তমান কৰ্ণাটকত বাস কৰে। অৱশ্যে ছিনিৰ জন্ম হৈছিল মুম্বাইত। মিছ ইণ্ডিয়াৰ পূৰ্বে মিছ টেলেণ্ট পুৰস্কাৰো লাভ কৰিছিল। তেওঁ একাউণ্টছত স্নাতক ডিগ্ৰী লাভ কৰে। চাৰ্টাৰ্ড ফাইনেন্সিয়েল এনালাইষ্ট হ’বলৈ তেওঁ সহায়ক হিচাপেও কাম কৰিছিল।

২৭ বছৰৰ পাছত এইবাৰ পুনৰ ভাৰতত অনুষ্ঠিত হ’ব মিছ ৱৰ্ল্ড প্ৰতিযোগিতা। ৭১ সংখ্যক মিছ ৱৰ্ল্ড প্ৰতিযোগিতাৰ সেই সুন্দৰ মুহূৰ্তটো দেশবাসীয়ে প্ৰত্যক্ষ কৰিবলৈ ওলাইছে। মিছ ৱৰ্ল্ড প্ৰতিযোগিতা সংস্থাৰ অধ্যক্ষ তথা মুখ্য কাৰ্যবাহী বিষয়া জুলিয়া মৰ্লিয়ে ৮ জুনত দিল্লীত অনুষ্ঠিত সংবাদমেলত এই কথা সদৰী কৰে।

প্ৰতিযোগিতাখন সম্ভৱতঃ নৱেম্বৰ মাহত অনুষ্ঠিত হ’ব। অৱশ্যে তাৰিখ এতিয়াও নিৰ্ধাৰণ কৰা হোৱা নাই। যোৱা বছৰ পুৱাৰ্টো ৰিকোৰ ছান জুয়ানে মিছ ৱৰ্ল্ডৰ খিতাপ দখল কৰিছিল। বিগত বৰ্ষৰ ফেমিনা মিছ ইণ্ডিয়া বিজয়ী ছিনি শ্বেট্টীয়ে এইবাৰ মিছ ৱৰ্ল্ড প্ৰতিযোগিতাত ভাৰতক প্ৰতিনিধিত্ব কৰিব।

ছিনিয়ে ৪ বছৰ বয়সৰ পৰাই শাস্ত্ৰীয় নৃত্যৰ প্ৰশিক্ষণ ল’বলৈ আৰম্ভ কৰে। এতিয়াও নিয়মিতভাৱে ভৰতনাট্যম অনুশীলন কৰি আছে। ১৪ বছৰ বয়সত তেওঁ নিজে এখন নৃত্য নাট্য প্ৰযোজনা কৰিছিল যিখন দৰ্শকৰ যথেষ্ট সমাদৰ লাভ কৰিছিল।

ছিনিয়ে সদায় চেষ্টা কৰে যাতে জীৱনৰ প্ৰতিটো মুহূৰ্ত অৰ্থপূৰ্ণ হয়, যাতে মনৰ ভিতৰত সোমাই থাকে। দেশৰ যুৱক-যুৱতীসকলকো তেওঁ একে উপদেশ দিছে।

তেওঁ কয় যে যিখিনি সময় বাকী থাকে সেয়া যেন আমাৰ নিজৰ থাকে, কাৰণ আমি সেই মুহূৰ্তৰ ওচৰত ঋণী। লগতে নিজৰ ওপৰত বিশ্বাস ৰাখিব লাগিব। জীৱনে দিয়া সকলো সুযোগৰ সুবিধা ল’ব লাগিব।

এইবাৰৰ মিছ ৱৰ্ল্ড প্ৰতিযোগিতাত ১৩০ জন সুন্দৰীয়ে অংশগ্ৰহণ কৰিব। তেওঁলোকে নিজৰ নিজৰ দেশক প্ৰতিনিধিত্ব কৰিব। তেওঁলোকে এমাহ ভাৰতত থাকিব। সেই সময়ত তেওঁলোকক দেশৰ সংস্কৃতি আৰু বৈচিত্ৰ্যৰ সৈতে পৰিচয় কৰাই দিয়া হ’ব। ভাৰতে এই পৰ্যন্ত ৬ বাৰকৈ মিছ ৱৰ্ল্ড প্ৰতিযোগিতাত জয়লাভ কৰিছে।