NORTHEAST NOW (Assamese)
অসম

সন্তানক ডাঙৰ-দীঘল কৰাৰ সময়ত এই ৫টা ভুল কেতিয়াও নকৰিব অভিভাৱকসকলে! কি সেইবোৰ?

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী January 2, 2025 10:02 am

আধুনিক যুগত শিশু লালন-পালনৰ ধৰণ বহুত সলনি হৈছে। ছচিয়েল মিডিয়া আৰু ইণ্টাৰনেটৰ আবিৰ্ভাৱৰ ফলত মানুহে সন্তানক ডাঙৰ-দীঘল কৰাৰ ক্ষেত্ৰত বহু পৰিৱৰ্তন আনিছে। বহু অভিভাৱকে আজিকালি অজানিতে সন্তান লালন-পালনত ডাঙৰ ভুল কৰে। এই ভুলবোৰৰ পৰা হাত সাৰিবলৈ পিতৃ-মাতৃয়ে সন্তানৰ সৈতে যোগাযোগ আৰু বুজাবুজিৰ মাজেৰে চলা প্ৰয়োজন।

শিশুসকক এক নিৰাপদ, মৰমিয়াল আৰু সুস্থিৰ পৰিৱেশৰ ব্যৱস্থা কৰি দিয়াটো প্ৰয়োজন, যাতে শিশুৱে সুস্থ আৰু ইতিবাচকভাৱে ডাঙৰ হ’ব পাৰে। সন্তানক লালন-পালনৰ ক্ষেত্ৰত এৰি চলিবলগীয়া ভুলৰ বিষয়ে জানো আহক।

১. শিশুক আনৰ সৈতে তুলনা কৰা:

অনবৰতে শিশুক আনৰ লগত তুলনা কৰিলে তেওঁলোকৰ আত্মসন্মান আৰু আত্মবিশ্বাস হ্ৰাস পাব পাৰে। যদি কোনো শিশুৱে নিজৰ সমনীয়াৰ সৈতে তুলনা অনুভৱ কৰে তেন্তে তেওঁ নিজকে হীনমন্যতা অনুভৱ কৰিব পাৰে আৰু নিজৰ সামৰ্থ্যৰ ওপৰত আস্থা হেৰুৱাব পাৰে। শিশুসকলক আনৰ লগত প্ৰতিযোগিতা কৰিবলৈ নহয়, নিজৰ ব্যক্তিগত গুণ আৰু ক্ষমতাৰ ওপৰত গুৰুত্ব দিবলৈ উৎসাহিত কৰা উচিত।

২. শিশুসকলক সকলো কথাতে ৰেহাই দিয়া:

• শিশুক যদি সকলো কামতে মুক্ত কৰি দিয়া হয়, তেন্তে তেওঁলোকে অনুশাসন আৰু দায়িত্বৰ গুৰুত্ব বুজি নাপায়।

• ই কেৱল শিশুক এলেহুৱা কৰি তোলাই নহয় তেওঁলোকৰ নৈতিক আৰু মানসিক বিকাশতো বাধাৰ সৃষ্টি কৰে।

• ল’ৰা-ছোৱালীক সীমা আৰু নিয়ম শিকোৱাৰ মাজেৰে তেওঁলোক দায়িত্বশীল হৈ পৰে।

৩. অভিভাৱকৰ ব্যস্ততা কেৰিয়াৰ বা ছচিয়েল মিডিয়া:

যদি পিতৃ-মাতৃয়ে নিজৰ কেৰিয়াৰ বা ছ’চিয়েল মিডিয়াত ইমানেই ব্যস্ত হৈ থাকে যে সন্তানৰ বাবে পৰ্যাপ্ত সময় নাপায় তেন্তে ল’ৰা-ছোৱালীয়ে নিসংগতা আৰু নিৰাপত্তাহীনতাত ভুগিব পাৰে। শিশুসকলক মনোযোগ আৰু মৰম দিয়াৰ জৰিয়তে তেওঁলোকৰ মানসিক বিকশ ঘটে। শিশুক আত্মবিশ্বাস আৰু সমৰ্থন দিয়াটো তেওঁলোকৰ মানসিক স্বাস্থ্যৰ বাবে গুৰুত্বপূৰ্ণ।

৪. অসংগত অনুশাসন:

যেতিয়া পিতৃ-মাতৃয়ে কোনো আচৰণৰ বাবে সন্তানক নিষেধ কৰে, কিন্তু তাৰ পিছত নিজে একে কামতে লিপ্ত হয়, তেতিয়া ল’ৰা-ছোৱালীবোৰৰ অনুশাসনৰ স্পষ্ট ধাৰণা নাপায়। ই তেওঁলোকক শিকায় যে কোনো নিৰ্দিষ্ট নিয়ম নাই আৰু তেওঁলোকে নিজৰ ইচ্ছামতে আচৰণ কৰিব পাৰে।

৫. শিশুৰ ব্যস্ত সময়সূচী প্ৰস্তুত কৰা:

• শিশুৰ বাবে অত্যধিক ব্যস্ততাপূৰ্ণ সময়সূচী সৃষ্টি কৰিলে তেওঁলোকে মানসিক আৰু শাৰীৰিকভাৱে ক্লান্তি অনুভৱ কৰিব পাৰে।

• ইয়াৰ ফলত তেওঁলোকৰ সৃষ্টিশীলতা আৰু জিৰণিৰ প্ৰয়োজনীয়তাত বাধা আহিব পাৰে।

• শিশুসকলক সুস্থ আৰু সুখী কৰি ৰাখিবলৈ খেলা-ধূলা, জিৰণি আৰু তেওঁলোকে ভাল পোৱা কাম-কাজৰ বাবে সময় দিয়াটো গুৰুত্বপূৰ্ণ।