NORTHEAST NOW (Assamese)

মন বেয়া হ’লে যি টি খাবলৈ মন যায় নেকি? ‘ইমোশ্যনেল ইটিং’ৰ বলি হোৱা নাইতো? কি এই সমস্যা?

September 26, 2025 6:40 am · এন ই নাও নিউজ, গুৱাহাটী
Updated: September 25, 2025 8:25 pm

কৰ্মক্ষেত্ৰত বহুত চাপ পৰিলে বা ঘৰত হতাশ বা অকলশৰীয়া অনুভৱ কৰিলে মনটোৱে আইচক্ৰীম, চিপচ বা চকলেটৰ বাবে হাহাকাৰ কৰে নেকি? ভোক নাথাকিলেও কেৱল মানসিক শান্তি পাবলৈ আপুনি ফ্ৰীজ খুলি নিজৰ প্ৰিয় খাদ্যৰ সন্ধান কৰে নেকি? তেনেহলে এতিয়াই সাৱধান হওক। আপুনি হয়তো ‘ইমোশ্যনেল ইটিং’ বা আৱেগ প্ৰেৰিত খাদ্যাভ্যাসৰ বলি হ’ব পাৰে।

‘ইমোশ্যনেল ইটিং’ শব্দৰ অৰ্থ হ’ল শাৰীৰিক ক্ষুধাৰ পৰিৱৰ্তে মানসিক প্ৰয়োজন বা আৱেগ পূৰণৰ বাবে খাদ্য খোৱা। পুষ্টিবিদ আৰু মনোবিজ্ঞানীসকলৰ মতে ই কেৱল খাদ্যাভ্যাস নহয়, মানসিক উত্তেজনাৰ সৈতে মোকাবিলা কৰাৰ এক ভুল উপায়।

বহুতে খং, দুখ, উদ্বেগ, মানসিক চাপ বা বিৰক্তিৰ দৰে অনুভৱৰ সৈতে মোকাবিলা কৰিব নোৱাৰাৰ সময়ত খাদ্যৰ পৰা সাময়িক সকাহ বিচাৰে। চেনি বা চৰ্বিযুক্ত খাদ্যই মগজুত কম সময়ৰ বাবে ‘ফিল-গুড’ হৰম’ন ড’পামিনৰ নিঃসৰণ বৃদ্ধি কৰে, যাৰ ফলত আমাক সাময়িকভাৱে সকাহ দিয়ে। কিন্তু এই সকাহ সম্পূৰ্ণ সাময়িক আৰু ইয়াৰ দীৰ্ঘম্যাদী প্ৰভাৱ শৰীৰৰ বাবে অতি ক্ষতিকাৰক।

শৰীৰত কি কি প্ৰভাৱ পৰে?

ইমোশ্যনেল ইটিংয়ে শৰীৰত একাধিক নেতিবাচক প্ৰভাৱ পেলায়।

১) ওজন বৃদ্ধি আৰু মেদবহুলতাঃ মানুহে আৱেগিক প্ৰেৰিত খাদ্য গ্ৰহণ কৰিলে সাধাৰণতে কেলৰি সমৃদ্ধ, অস্বাস্থ্যকৰ খাদ্য বাছি লয়। ইয়াৰ ফলত দ্ৰুতগতিত ওজন বৃদ্ধি পায় আৰু মেদবহুলতাৰ দৰে সমস্যাৰ সৃষ্টি হয়, যিয়ে পাছলৈ আন বহুতো ৰোগৰ সৃষ্টি কৰে।

২) ডায়েবেটিছৰ আশংকাঃ অত্যধিক চেনি আৰু কাৰ্বহাইড্ৰেট সমৃদ্ধ খাদ্যই তেজত শৰ্কৰাৰ মাত্ৰা বৃদ্ধি কৰে। যদি এই অভ্যাস দীৰ্ঘদিন ধৰি থাকে তেন্তে টাইপ-২ ডায়েবেটিছৰ সম্ভাৱনা বহুগুণে বৃদ্ধি পায়।

৩) হৃদৰোগৰ আশংকাঃ ভজা বা প্ৰচেছড খাদ্যত থকা ট্ৰেন্স ফেটে তেজত বেয়া কলেষ্টেৰলৰ মাত্ৰা বৃদ্ধি কৰে। ইয়াৰ ফলত উচ্চ ৰক্তচাপ, ধমনী বন্ধ হৈ পৰা আৰু হৃদৰোগৰ সম্ভাৱনা থাকে।

৪) পাচনতন্ত্ৰৰ সমস্যাঃ অনিয়মিত সময়ত অতিমাত্ৰা খাদ্য গ্ৰহণ আৰু অস্বাস্থ্যকৰ খাদ্যাভ্যাসৰ ফলত বদহজম, এচিডিটি আৰু অন্ত্ৰৰ সমস্যা হ’ব পাৰে।

৫) মানসিক স্বাস্থ্যৰ অৱনতিঃ সাময়িকভাৱে সকাহ পোৱাৰ পিছত অতিমাত্ৰা খাদ্য খোৱাৰ বাবে অপৰাধবোধ, লাজ আৰু আত্ম-গ্লানি অনুভৱৰ সৃষ্টি হয়। ইয়াৰ ফলত আত্মবিশ্বাস কমি যায় আৰু উদ্বেগ আৰু হতাশাৰ দৰে অধিক মানসিক সমস্যাৰ সৃষ্টি হ’ব পাৰে। ইয়াৰ ফলত এক অস্বাস্থ্যকৰ চক্ৰৰ সৃষ্টি হয়, য’ত খাদ্যাভ্যাস বৃদ্ধি কৰি মানসিক অশান্তি কমায় আৰু খাদ্য খোৱাৰ পিছত মানসিক অশান্তি বৃদ্ধি পায়।

এই চক্ৰৰ পৰা কেনেকৈ ওলাই আহিব?

বিশেষজ্ঞসকলৰ মতে এই অভ্যাসৰ পৰা মুক্তিৰ প্ৰথম পদক্ষেপ হ’ল সজাগতা। কোনবোৰ পৰিস্থিতিত বা কি আৱেগৰ তাড়নাত খায় সেইটো চিনাক্ত কৰিবলৈ ডায়েৰী ৰাখিব পাৰে। খাদ্যৰ ঠাইত মানসিক চাপ কমোৱাৰ বাবে আন স্বাস্থ্যকৰ উপায় যেনে খোজ কঢ়া, ব্যায়াম কৰা, গান শুনা বা আপোনজনৰ লগত কথা পতা আদি ব্যৱহাৰ কৰাৰ অভ্যাস গঢ়ি তোলক। অস্বাস্থ্যকৰ খাদ্যৰ পৰিৱৰ্তে ফল-মূল বা স্বাস্থ্যকৰ জলপান হাতৰ ওচৰত ৰাখক। যদি সমস্যাটো নিয়ন্ত্ৰণৰ বাহিৰলৈ যায় তেন্তে কোনো পুষ্টিবিদ বা মনোবিজ্ঞানীৰ সহায় ল’বলৈ কুণ্ঠাবোধ নকৰিব।

মনত ৰাখিব, খাদ্যই সাময়িক সকাহ দিব পাৰে, কিন্তু ই মানসিক সমস্যা স্থায়ীভাৱে সমাধান কৰিব নোৱাৰে। গতিকে আৱেগৰ সৈতে যুঁজিবলৈ খাদ্যৰ আশ্ৰয় লোৱাতকৈ আৱেগৰ মূল কাৰণ বিচাৰি উলিয়াই সমাধান কৰাটোৱেই সুস্থ হৈ থকাৰ একমাত্ৰ উপায়।

Related News