NORTHEAST NOW (Assamese)

প্ৰতিদিনে ভাতসাজৰ সৈতে কেঁচা জলকীয়া খায়! নিয়মিত জলকীয়া খোৱাটো সঁচাকৈয়ে উপকাৰীনে?

August 13, 2024 9:48 am · এন ই নাও নিউজ, গুৱাহাটী

বহুতে ভাতৰ সৈতে কেঁচা জলকীয়া খাই ভাল পায়। বহুতে জলকীয়া খাই ভাল পায়। কিন্তু প্ৰতিদিনে কেঁচা জলকীয়া খালে কি হয় জানেনে?

কেঁচা জলকীয়া খোৱাৰ অভ্যাস কিমান ভাল বা বেয়া সেয়া কিন্তু বেছিভাগ মানুহেই নাজানে। এই বিষয়ত চিকিৎসকসকলে কি পৰামৰ্শ দিয়ে?

মাছে-মঙহে এসাজেই হওক বা আলুপিটিকা ভাতেই হওক, কেঁচা জলকীয়া অবিহনে ভালকৈ খাব নোৱাৰা বহু লোক আছে। অৱশ্যে প্ৰতিদিনে এনেদৰে কেঁচা জলকীয়া খালে কি হ’ব পাৰে নাজানিয়েই বহুতে অভ্যাস কৰি তোলে। গতিকে প্ৰতিদিনে ইয়াক খালে কৰিলে শৰীৰত কিমান ভাল বা বেয়া প্ৰভাৱ পৰিব পাৰে সেয়া আপুনি জানি লোৱা উচিত।

এই সন্দৰ্ভত বিশেষজ্ঞসকলে কেইবাটাও মতামত দিছে। প্ৰতিদিনে কেঁচা জলকীয়া খোৱাৰ অভ্যাসৰ বাবে কি হ’ব পাৰে কৈছে। ভাতসাজৰ সৈতে সেউজীয়া জলকীয়া খালে কি হ’ব পাৰে সঠিকভাৱে জানো আহক।

বিশেষজ্ঞসকলে কয় যে প্ৰতিদিনে কেঁচা জলকীয়া খোৱাৰ অভ্যাস একেবাৰে বেয়া নহয়। ভয় কৰিব লগা একো নাই। বৰং ইয়াত বহুতো স্বাস্থ্যকৰ গুণ আছে। এই জলকীয়াৰ প্ৰচুৰ গুণগত মান আছে যিয়ে আনকি ওজন কমোৱাতো সহায় কৰে।

প্ৰতিদিনে এটা কেঁচা জলকীয়া খালে বহু ৰোগৰ পৰা হাত সাৰিব পাৰি, কিয়নো ইয়াত প্ৰচুৰ পৰিমাণে এন্টিবেক্টেৰিয়েল আৰু ভিটামিন চি থাকে। সেয়ে সংক্ৰমণ প্ৰতিৰোধৰ ক্ষেত্ৰত ইয়াৰ কোনো তুলনা নাই।

প্ৰতিদিনে কেঁচা জলকীয়া খালে ব্ৰণ সোনকালে ভাল হয়। কেঁচা জলকীয়া খালে বিপাকীয় ক্ৰিয়া উন্নত হয়, হজম শক্তি ভাল হয়, অন্ত্ৰ ভাল হয়, হজম শক্তি দ্ৰুত হয়, শৰীৰত চেনিৰ মাত্ৰা নিয়ন্ত্ৰণত থাকে। কেৱল সেয়াই নহয়, প্ৰতিদিনে কেঁচা জলকীয়া খালে তেজ জমা হোৱাৰ (ব্লাড ক্লথ) সম্ভাৱনা কমি যায় আৰু হৃদযন্ত্ৰ সুস্থ হৈ থাকে। 

Related News