NORTHEAST NOW (Assamese)
অসম

বেল পাতৰ বিভিন্ন উপকাৰিতা; এনেবোৰ ৰোগ হয় নিৰাময়

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ June 24, 2020 2:23 pm

বেল পাত ভগৱান শিৱৰ সৈতে সম্পৰ্ক থকা এবিধ পাত। বেল পাতেৰে শিৱক পুজা কৰা হয়।

ভগৱান শিৱৰ বেল পাত প্ৰিয় সেয়ে ভক্ত সকলে ভগৱান শিৱলৈ বেল পাত আগবঢ়ায়।

বেল পাত পুজাত ব্যৱহাৰ হলেও ইয়াৰ বহু উপকাৰিতা আছে। আজি আমি বেল পাতৰ উপকাৰিতাৰ বিষয়ে উল্লেখ কৰিম।

চকুৰ ৰোগ- গ্ৰীষ্মকালত প্ৰায়ে মানুহে চকুৰ সংক্ৰমণজনিত ৰোগত ভোগা দেখা যায়। এই সংক্ৰমণৰ ফলত চকুৰ খজুৱতিও হয়। চকুৰ এই খজুৱতি দুৰ কৰিবলৈ হ’লে বেল পাতৰ ৰস চকুত লগালে ভাল হয়।

গেছৰ সমস্যা- প্ৰায় বোৰ মানুহৰ বাবে আজি কালি গেষ্ট্ৰিক এবিধ প্ৰধান সমস্যা। গেছৰ সমস্যাৰ বাবে মানুহে পেটৰ নানান সমস্যাত ভোগে। গেছৰ সমস্যা দূৰ কৰিবলৈ হ’লে জালুকৰ সৈতে নিমখ মিহলি কৰি বেলপাত খালে যথেষ্ট আৰোগ্য লাভ কৰিব পৰা যায়।

মুখৰ ঘা- নিমখযুক্ত খাদ্য খোৱাৰ ফলত মানুহৰ কেতিয়াবা কেতিয়াবা মুখৰ অন্তৰ্ভাগত ঘা হোৱা দেখা যায়। এই সমস্যা দূৰ কৰিবলৈ হ’লে বেল পাত আৰু সেউজীয়া ধনীয়াৰ পাত মিহলি কৰি এটা পেষ্ট বনাই খালে আৰোগ্য লাভ কৰিব পাৰি।

কাঁহ- ঠাণ্ডাৰ দিনত কাঁহত আক্ৰান্ত হ’লে বেল পাতৰ ৰসৰ সৈতে মৌ মিহলি কৰি খালে কাঁহ নিৰাময় হয়।