NORTHEAST NOW (Assamese)
Popular Stories

প্ৰেমিক হোৱাৰ সহজ কিটিপ! এই ৬টা গুণ থাকিলেই আপুনি হ’ব পাৰিব কাৰোবাৰ উপযুক্ত সংগী

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী October 8, 2024 2:19 pm

কিছুমান মানুহ আছে যিয়ে আনক অতি সহজে আপোন কৰি লব পাৰে। কিছুমান মানুহে সেয়া সহজে নোৱাৰে। যিসকল অতি মিলিব পৰা বা আনৰ প্ৰতি গুৰুত্ব দিয়া হয় তেওঁলোকলৈ বহুতে বন্ধুত্বৰ হাত আগবঢ়াই দিয়ে। ইয়াৰ ফলত দুয়োপক্ষৰ মাজত এক সুন্দৰ সম্পৰ্ক গঢ় লৈ উঠে। কিন্তু বহুতে বুজি নাপায় যে কেনেকৈ সকলোৰে আগত নিজকে সহজে উপস্থাপন কৰিব পাৰি। যিকোনো মানুহৰ ৬টা সহজ গুণে এই ক্ষেত্ৰত সহায় কৰে। এই গুণবোৰ থাকিলে আপুনি সহজে কাৰোবাৰ সংগী বা প্ৰিয় জীৱন সংগী হ’ব পাৰিব।

দুৰ্দান্ত সংগী হোৱাৰ ৬টা সহজ গুণ:

১. ভৱিষ্যত সম্পৰ্কে কল্পনা

ভৱিষ্যতৰ সপোন দেখিব বিচাৰিলে সদায় সত্যৰ ওপৰত গুৰুত্ব দিব লাগিব। বৰ্তমানতকৈ ভৱিষ্যতৰ কথা বেছিকৈ কল্পনা কৰক। সংগীয়ে কি বিচাৰে আগতীয়াকৈ অনুভৱ কৰিব লাগিব।

২. চাপমুক্ত অনুভৱ

উপযুক্ত সংগী বিচাৰিবলৈ নিজকে চাপমুক্ত কৰি ৰাখক। যিকোনো ক্ষেত্ৰতে খৰধৰকৈ সিদ্ধান্ত ল’ব নালাগে। ফলাফলত বেছি মনোনিৱেশ কৰি নিজকে বৰ্তমানক অস্বীকাৰ নকৰিব। উপযুক্ত সংগী পোৱাৰ সম্ভাৱনা হেৰুৱাব।

৩. সম্ভাৱ্য ফলাফল

কাৰোবাক লগ পোৱাৰ আগতে বেছিকৈ নাভাবিব। তেওঁ যিদৰে আছে তেনেকৈয়ে থাকিব। আগতীয়াকৈ বেছি চিন্তা কৰিলে সম্পৰ্কটো বহু দূৰলৈ আগ নাবাঢ়িব। গতিকে আপোনাৰ সংগী যেনেকুৱা তেওঁক তেনেদৰেই  থাকিবলৈ দিয়ক।

৪. প্ৰেমত নেতৃত্ব

যিকোনো সম্পৰ্ক, প্ৰেম বা বিবাহ, দুজনৰ মাজত পাৰস্পৰিক বুজাবুজিৰ ওপৰত নিৰ্ভৰ কৰে। গতিকে যদি সম্পৰ্কত সোমাব বিচাৰে তেন্তে দুয়োজনে ইজনে সিজনক বুজি পোৱা উচিত। তাত নেতৃত্ব বা প্ৰভাৱ পেলাবলৈ চেষ্টা নকৰিব। যদি মোহভংগ ঘটিলে পৰিণাম বেয়া হয়।

৫. আত্মসন্মান আৰু আত্মপ্ৰেম

প্ৰেম বা বিবাহৰ সম্পৰ্ক সুন্দৰ কৰিবলৈ আত্মসন্মান আৰু আত্মপ্ৰেম অতি প্ৰয়োজনীয়। এই দুয়োটাক লৈয়েই সম্পৰ্কত আগবঢ়া উচিত। সেয়া নহ’লে সম্পৰ্কটোৰ সোনকালে অৱনতি ঘটে।

৬. ইতিবাচক মানসিকতা

সম্পৰ্কত ইতিবাচক মানসিকতা বজাই ৰখাটো গুৰুত্বপূৰ্ণ। ইয়াত সম্পৰ্কটো স্বাভাৱিক গতিৰে আগবাঢ়ি যায়। সীমিত মানসিকতা, হেৰুৱাৰ ভয় সম্পৰ্কত বাধা হৈ পৰে। সেয়ে যিকোনো সম্পৰ্কৰ ক্ষেত্ৰত এই দুটা বৰ্জনীয়।