NORTHEAST NOW (Assamese)
অসম

সোমে-মঙলে অসম বন্ধ হ’ব নে? নতুন স্পষ্টীকৰণ কোচ ৰাজবংশী সন্মিলনীৰ

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া November 18, 2018 6:30 pm
Assam bandh

আৰক্ষীৰ অনুৰোধ প্ৰত্যাখ্যান কৰি অহা ১৯, ২০ নৱেম্বৰত দিয়া অসম বন্ধৰ আহ্বান বাহাল ৰাখিছে কোচ ৰাজবংশী সংগঠনসমূহে।

নৰ্থ ইষ্ট নাও-ত দেওবাৰে এই কথা স্পষ্ট কৰিছে বন্ধ আহ্বানকাৰী অন্যতম সংগঠন কোচ ৰাজবংশী সন্মিলনীৰ প্ৰচাৰ সম্পাদক সত্যজিৎ শইকীয়াই। “কাইলৈৰ বন্ধ কোনো পধ্যেই উঠাই লোৱা নহয়। ৪৮ ঘন্টা জুৰি চলি থাকিব,” জনালে শইকীয়াই।

সন্মিলনীৰ লগতে আক্ৰাছু, কোচ ৰাজবংশী মহিলা সন্মিলনী আৰু কোচ ৰাজবংশী যুৱ ছাত্ৰ সন্মিলনীয়ে ঐক্যবদ্ধভাৱে আহ্বান জনোৱা এই বন্ধটোৰ প্ৰতি এ বি আমছু আৰু বি টি এ দিৰ অবড়ো সুৰক্ষা সমিতিয়েও সমৰ্থন আগবঢ়াইছে বুলিও জনায় শইকীয়াই।

বি টি চি-ক কেন্দ্ৰীয় শাসিত পৰিষদলৈ পৰিৱৰ্তনৰ ‘প্ৰস্তাৱ’ৰ প্ৰতিবাদত আৰু এই সন্দৰ্ভত অহা ১৯ নৱেম্বৰত নতুন দিল্লীত কেন্দ্ৰীয় গৃহ মন্ত্ৰীৰ সৈতে এবছু আৰু এন দি এফ বিৰ ‘বৈঠক’ বাতিলৰ দাবীত এই বন্ধ আহ্বান কৰিছে কোচ ৰাজবংশী সংগঠনসমূহে।

বন্ধটো প্ৰত্যাহাৰ কৰাৰ বাবে অসম আৰক্ষীয়ে শনিবাৰে সংগঠনকেইটাক অনুৰোধ জনাইছিল।

সংগঠনকেইটাই আশংকা কৰাৰ দৰে কোনো প্ৰস্তাৱ গ্ৰহণ কৰা নাই বুলি সদৰী কৰিছিল অসম আৰক্ষীৰ বিশেষ শাখাৰ বিশেষ সঞ্চালক প্ৰধান পল্লৱ ভট্টাচাৰ্য্যই। কেন্দ্ৰৰ মধ্যস্থতাকাৰী এ বি মাথুৰৰ সৈতে ফোনযোগে এই বিষয়ে নিশ্চিত হোৱা বুলি জনাইছিল ভট্টাচাৰ্য্যই।

পৃথক বড়োলেণ্ডৰ দাবীদাৰ জইন্ট এক্সন কমিটিৰ সৈতে যোৱা বৃহস্পতিবাৰে কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিনিধি এ বি মাথুৰৰ বৈঠকত বি টি চি-ক কেন্দ্ৰীয় শাসিত পৰিষদলৈ পৰিৱৰ্তন কৰাৰ প্ৰস্তাৱ লোৱা বুলি ওলোৱা এক খবৰক লৈ বি টি এ দি ‘ৰক্তাক্ত’ হোৱাৰ আশংকা কৰিছে কোচ ৰাজবংশী সন্মিলনীয়ে।

বি টি এ দিলৈ আহি সকলো পক্ষৰে মত ল’বৰ বাবে মধ্যস্থতাকাৰী মাথুৰক দাবী জনাইছে সন্মিলনীয়ে।