NORTHEAST NOW (Assamese)
Popular Stories

‘ক্ৰিকেটৰ ভগৱান’ৰ ৰেকৰ্ড স্পৰ্শৰ বাবে মাত্ৰ এটা শতক দূৰত বিৰাট কোহলী

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ January 13, 2020 10:12 pm
File-photos-of-Sachin-Tendulkar-and-Virat-Kohli-750x375

বৃহস্পতিবাৰে ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক বিৰাট কোহলীয়ে শচীনৰ ৰেকৰ্ড স্পৰ্শ কৰাৰ এক সুন্দৰ সুযোগ লাভ কৰিব, যদিহে তেওঁ শতকীয় ইনিংছ খেলিব পাৰে।

‘ক্ৰিকেটৰ ভগৱান’ শচীন টেণ্ডুলকাৰৰ নামত আছে ভাৰতৰ মাটিত সৰ্বাধিক এদিনীয়া শতক অৰ্জন কৰাৰ অভিলেখ। শচীনে ঘৰৰ মাটিত ২০টা শতক অৰ্জন কৰিছে।

বুধবাৰে মুম্বাইৰ ৱাংখেডে ষ্টেডিয়ামত ভাৰতে মুখামুখি হ’ব অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে প্ৰথমখন এদিনীয়াত। যদিহে মেচখনত কোহলীয়ে শতক অৰ্জন কৰিবলৈ সক্ষম হয় তেন্তে তেওঁ শচীনৰ ৰেকৰ্ড স্পৰ্শ কৰিবলৈ সক্ষম হ’ব।

এই পৰ্যন্ত কোহলীয়ে ঘৰৰ মাটিত ১৯টা শতক অৰ্জন কৰিছে। আৰু কাইলৈৰ মেচত তেওঁ শচীনৰ ৰেকৰ্ড স্পৰ্শ কৰাৰ চেষ্টা চলাব।

১৪ জানুৱাৰিৰ পৰা ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত অনুষ্ঠিত হ’ব তিনিখনীয়া এদিনীয়া মেচৰ শৃংখলা।

উল্লেখ্য যে বিগত কেইবা বছৰ ধৰি এদিনীয়া ক্ৰিকেটত কোহলীয়ে কেইবাটাও ৰেকৰ্ড গঢ়িবলৈ সক্ষম হৈছে।

অলপতে শ্ৰীলংকাৰ বিৰুদ্ধে অনুষ্ঠিত টি-২০ ছিৰিজত অধিনায়ক হিচাপে তেওঁ বিশ্বৰ দ্ৰুততম ১১ হাজাৰ ৰান সম্পূৰ্ণ কৰাৰ ৰেকৰ্ড গঢ়িছে।

আনহাতে অধিনায়ক হিচাপে তেওঁ টি-২০ ক্ৰিকেটত এক হাজাৰ ৰান সম্পূৰ্ণ কৰাৰো অভিলেখ গঢ়ি থৈছে। যোৱা ৭ জানুৱাৰিত ইন্দোৰত শ্ৰীলংকাৰ বিৰুদ্ধে খেলা টি-২০ মেচখনত এই ৰেকৰ্ডটো গঢ়িছিল।

বিৰাট কোহলীয়ে বিশ্বৰ একমাত্ৰ বেটছমেন যাৰ গোটেই কেইটা ফৰ্মেটতে ৫০ ৰো ওপৰত এভাৰেজ। তদুপৰি অধিনায়ক হিচাপে টেষ্ট ক্ৰিকেটত সৰ্বাধিক দ্বিশতক অৰ্জন কৰাৰ অভিলেখো তেওঁৰ নামত আছে।

উল্লেখ্য যে ২০১৭ত পদ্মশ্ৰী, ২০১৮ত ৰাজীৱ গান্ধী খেল ৰত্ন আৰু ২০১৭ আৰু ২০১৮ত আই চি চি ক্ৰিকেটাৰ অব দা ইয়েৰৰ সন্মানো লাভ কৰি থৈছে ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক বিৰাট কোহলীয়ে।