NORTHEAST NOW (Assamese)

কোকৰাঝাৰত বিনামূলীয়া স্বাস্থ্য সজাগতা শিৱিৰ সম্পন্ন

March 8, 2019 4:31 pm · ৰিনয় বসুমতাৰী
কোকৰাঝাৰৰ বিনামূলীয়া স্বাস্থ্য শিৱিৰৰ আলোকচিত্ৰ

ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমৰ অন্তৰ্গত কোকৰাঝাৰ জিলা সমিতিয়ে বৃহস্পতিবাৰে কোকৰাঝাৰ জিলাৰ শিয়ালমাৰী বিদ্যালয় খেলপথাৰত বৃহৎ স্বাস্থ্য শিৱিৰ অনুষ্ঠিত কৰে।

পশ্চিম কোকৰাঝাৰ সমষ্টিৰ বিধায়ক ৰবিৰাম নাৰ্জাৰীয়ে কোকৰাঝাৰ স্বাস্থ্য সেৱাৰ যুটীয়া সঞ্চালক ড০ জে আহমেদ, ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ কোকৰাঝাৰ জিলা প্ৰ’গ্ৰাম মেনেজাৰ উত্তম ব্ৰহ্ম আৰু স্বাস্থ্য বিভাগৰ অন্যান্য বিধায়কৰ উপস্থিতিত স্বাস্থ্য শিৱিৰটো উদ্বোধন কৰে।

গ্ৰাম্যাঞ্চলৰ লোকসকলক প্ৰাথমিক চিকিৎসালয় তথা জিলা চিকিৎসালয়লৈ নোযোৱাকৈয়ে বিনামূলীয়া স্বাস্থ্য পৰীক্ষা আৰু স্বাস্থ্য পৰামৰ্শ দিয়াৰ উদ্দেশ্যৰে শিৱিৰটো আয়োজন কৰা হৈছে বুলি স্বাস্থ্য সেৱাৰ সঞ্চালক ড০ জে আহমেদে কয়।

আনহাতে, উদ্বোধনী অনুষ্ঠানত অংশ লৈ আহমেদে স্থানীয় জনসাধাৰণক চৰকাৰৰ স্বাস্থ্য সম্বন্ধীয়  বিভিন্ন আঁচনিৰ বিষয়ে বিষদভাৱে অৱগত কৰে আৰু এই আঁচনিবোৰৰ লাভ গ্ৰহণ কৰাৰ বাবে আহ্বান জনায়। এইক্ষেত্ৰত ৰাইজ, প্ৰশাসন আৰু স্বাস্থ্য বিভাগৰ সহযোগিতাও কামনা কৰে আহমেদে।

উল্লেখযোগ্য যে, চিকিৎসক, বিশেষজ্ঞ চিকিৎসক, নাৰ্চ আৰু অন্যান্য চিকিৎসা বিষয়াই অংশলোৱা স্বাস্থ্য শিৱিৰত প্ৰায় ১০০০ত কৈও অধিক লোকক বিনামূলীয়া স্বাস্থ্য পৰীক্ষা কৰা হয় আৰু ঔষধ যোগান ধৰা হয়। মোবাইল চিকিৎসা সেৱা, সঞ্জীৱনী ১০৪ সেৱাও শিৱিৰত উপলব্ধ আছিল।

Related News