NORTHEAST NOW (Assamese)
অসম

কোকৰাঝাৰত আন্তৰ্জাতিক যুৱ দিৱসত মানৱ সৰবৰাহৰ বিৰুদ্ধে কাম কৰাৰ অংগীকাৰ

Posted by: ৰিনয় বসুমতাৰী August 13, 2018 1:47 pm
nedan-youth-570x320

মানৱ সৰবৰাহৰ বিৰুদ্ধে কাম কৰি অহা কোকৰাঝাৰৰ এটা বেচৰকাৰী সংস্থা নিদান ফাউণ্ডেশ্যনে শনিবাৰে কোকৰাঝাৰত ‘আন্তৰ্জাতিক যুৱ দিৱস’ পালন কৰে। এইবাৰ তেওঁলোকৰ এই দিৱসৰ মূল বিষয়বস্তু আছিল ‘ মানৱ সৰবৰাহ মুক্ত বিশ্ব গঢ়াত যুৱ সমাজৰ লক্ষ্য।‘

কোকৰাঝাৰ জিলাৰ বিভিন্ন মহাবিদ্যালয়ে অতি উৎসাহেৰে এই কাৰ্যসূচীত যোগদান কৰে।

কোকৰাঝাৰৰ অতিৰিক্ত উপায়ুক্ত প্ৰফুল্ল চন্দ্ৰ বৰ্মন, কোকৰাঝাৰৰ আৰক্ষী অধীক্ষক ৰাজেন সিং আৰু চিআইএছএফৰ কমাণ্ডিং অ’ফিচাৰ হেমন্ত কুমাৰ ব্ৰহ্মই আমন্ত্ৰিত অতিথি হিচাপে কাৰ্যসূচীত অংশগ্ৰহণ কৰে।

এই অনুষ্ঠানত ভাষণ প্ৰদান কৰি নিদান ফাউণ্ডেশ্যনৰ অধ্যক্ষ দিগম্বৰ নাৰ্জাৰীয়ে মানৱ সৰবৰাহৰ সৈতে মোকাবিলা কৰাৰ ক্ষেত্ৰত যুৱ সমাজৰ গুৰুত্বৰ বিষয়ে ব্যাখ্যা আগবঢ়ায়।

nedan-youth-1-300x225
ফটো: নৰ্থইষ্ট নাও

তেওঁ লগতে জিলাখন, ৰাজ্যখন তথা দেশখনত চলি থকা মানৱ সৰবৰাহৰ বৰ্তমান পৰিস্থিতিটোৰ ওপৰত আলোকপাত কৰে।

কোকৰাঝাৰৰ অতিৰিক্ত উপায়ুক্ত প্ৰফুল্ল চন্দ্ৰ বৰ্মনে তেওঁৰ ভাষণত ৰাষ্ট্ৰ নিৰ্মাণত যুৱ সমাজৰ অংশগ্ৰহণৰ বিষয়ে উল্লেখ কৰে। তেওঁ কয় যে আজিৰ যুৱসকল অত্যন্ত সপ্ৰতিভ আৰু উদ্ভাৱণ মুখী। সেয়ে তেওঁ এখন উন্নত ৰাষ্ট্ৰ নিৰ্মাণৰ বাবে তেওঁলোকৰ ধাৰণাসমূহ ৰূপায়ন কৰিবলৈ যুৱসমাজক আহ্বান জনায়।

চিআইএছএফৰ কমাণ্ডিং অ’ফিচাৰ হেমন্ত কুমাৰ ব্ৰহ্মই তেওঁৰ ভাষণত এছ এছ চিকে ধৰি প্ৰতিযোগিতামূলক পৰীক্ষাৰ বিষয়ে ছাত্ৰ-ছাত্ৰীসকলক কেৰিয়াৰ পৰামৰ্শ প্ৰদান কৰে।

দেশ তথা ৰাজ্যখনত বৰ্তমান মহিলাৰ মৰ্যাদা সম্পৰ্কত ক’বলৈ গৈ ব্ৰহ্মই তেওঁৰ ভাষণত কয় যে প্ৰতি আঠ মিনিটত ভাৰতবৰ্ষত এগৰাকী ছোৱালী নিৰুদ্দেশ হয়।

তেওঁ লগতে কয় যে যদি যুৱসকলে তেওঁলোকৰ ভূমিকা ভালদৰে পালন কৰে আগন্তুক দিনত মানৱ সৰবৰাহ হ্ৰাস কৰিব পৰা যাব।

কোকৰাঝাৰৰ আৰক্ষী অধীক্ষক ৰাজেন সিঙে অনুষ্ঠানটোত উপস্থিত থকা যুৱসকলক এখন উন্নত ৰাষ্ট্ৰ নিৰ্মাণৰ হ’কে কাম কৰাৰ বাবে উৎসাহ যোগায়।

তেওঁ লগতে ইউনিচেফৰ সহযোগত অসম আৰক্ষীৰ দ্বাৰা চলাই থকা ‘আশ্বাস’ প্ৰকল্পৰ বিষয়েও অৱগত কৰে।