NORTHEAST NOW (Assamese)
অসম

কোকৰাঝাৰত পুনৰ বৃহৎ পৰিমানৰ অস্ত্ৰ উদ্ধাৰ; বনাঞ্চলত বাহৰ পাতিছে উগ্ৰপন্থী সদস্যই

Posted by: ৰিনয় বসুমতাৰী Updated by: ৰিনয় বসুমতাৰী March 14, 2021 12:11 pm
Kokrajhar Arms recovered final

কোকৰাঝাৰত পুনৰ বৃহৎ পৰিমাণৰ অস্ত্ৰ উদ্ধাৰ হৈছে। কোকৰাঝাৰ জিলাৰ বিস্মুৰী আৰক্ষী চকীৰ অন্তৰ্গত দিগ্লিপাৰা জংগল অঞ্চলত আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে এই অস্ত্ৰ।

কোকৰাঝাৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষক মুকুট ৰাভাৰ নেতৃত্বৰ এটা আৰক্ষী দলে অভিযান চলোৱাত উদ্ধাৰ কৰা অত্যাধুনিক অস্ত্ৰৰ মাজত আছে দুখন এ কে ৫৬ ৰাইফল, দুটা এ কে মেগজিন, ২৯ টা এ কে ৰাইফলৰ সজীৱ গুলি আৰু এটা ৰিভলভাৰ।

বি টি এ ডিৰ আইজিপি এল আৰ বিষ্ণইয়ে সংবাদ মেলত সদৰী কৰা মতে কোকৰাঝাৰ আৰক্ষীয়ে চলিত বৰ্ষত ৩৭ বিধ অত্যাধুনিক অস্ত্ৰকে ধৰি মুঠ ৮০ বিধ অস্ত্ৰ আৰু ২৫০০ সজীৱ গুলি উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

আনহাতে, নিৰ্বাচনকেন্দ্ৰিক অভিযানত শেহতীয়াভাৱে ২২০০০ লিটাৰ অবৈধ সুৰা আৰু ৫১ লাখ নগদ ধন জব্দ কৰা বুলি জানিব দিয়ে।

সেইদৰে, এন ডি এফ বিৰ দুৰ্ধৰ্ষ নেতা এম বাথাৰ নেতৃত্বত ৩০জনৰো অধিক উগ্ৰপন্থী সদস্য পুনৰ বনাঞ্চলত বাহৰ পাতি থকা বুলি বিস্ফোৰক মন্তব্য কৰে আইজিপিগৰাকীয়ে।

আৰক্ষীয়ে প্ৰতিজন সদস্যৰ লগতে অত্যাধুনিক অস্ত্ৰ থকাৰ তথ্য লাভ কৰিছে। বাথাই যি পৰিকল্পনা হাতত লৈছে সেয়া কেতিয়াও সফল হ’বলৈ দিয়া নহয় বুলি  আইজিপি বিষ্ণইয়ে স্পষ্টভাৱে কয়।

বাথাৰ নেতৃত্বৰ এনডিএফবি দলৰ বিৰুদ্ধে আৰক্ষীয়ে কঠোৰ অভিযান অব্যাহত ৰখা হৈছে বুলিও জানিব দি অতি শীঘ্ৰে তেওঁলোক ধৰা পৰিব বুলিও আইজিপিগৰাকীয়েয়ে দাবী কৰে।