NORTHEAST NOW (Assamese)
অসম

কলিয়াবৰ মহাবিদ্যালয়ৰ সোণালী জয়ন্তী সমাৰোহ আৰম্ভ

Posted by: ৰিদিপ শৰ্মা January 31, 2019 5:23 pm
Koliabar College Golden Jubilee

উচ্চ শিক্ষাৰ প্ৰাণকেন্দ্ৰ স্বৰূপ কলিয়াবৰ মহাবিদ্যালয়ে চলিত বছৰত ভৰি দিলে ৫০ বছৰ বয়সত। এই বৰ্ষটোক ‘সোণালী জয়ন্তী’ হিচাপে উদযাপন কৰাৰ মানসেৰে আজি মহাবিদ্যালয়খনত দিনযোৰা কাৰ্যসূচীৰে সোণালী জয়ন্তীৰ উদ্বোধনী অনুষ্ঠান অনুষ্ঠিত হয়।

উল্লেখ্য যে ৫০ বছৰত ভৰি দিয়া কলিয়াবৰ মহাবিদ্যালয়খনে প্ৰতিষ্ঠা কালৰ পৰাই অঞ্চলটোত উচ্চ শিক্ষাৰ ক্ষেত্ৰত এক উল্লেখনীয় ভূমিকা গ্ৰহণ কৰি আহিছে।

আনহাতে কলা-সংস্কৃতিৰে ভৰপূৰ কলিয়াবৰ মহাবিদ্যালয়ৰ সোণালী জয়ন্তী বৰ্ষৰ কাৰ্যসূচী চলিত বছৰৰে ডিচেম্বৰ মাহৰ শেষৰফালে সামৰণি পৰিব। সামৰণি অনুষ্ঠানত বৰ্ণাঢ্য সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হ’ব বুলিও জানিব পৰা গৈছে।

সোণালী জয়ন্তী বৰ্ষৰ কাৰ্যসূচী অনুষ্ঠানক কলিয়াবৰ মহাবিদ্যালয়ৰ পৰিয়ালৰ লগতে কলিয়াবৰ মহাবিদ্যালয় ছাত্ৰ একতা সভা, কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থা বৰ্তমান আৰু প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ লগতে কলিয়াবৰবাসী ৰাইজ আৰু বিভিন্ন দল-সংগঠনে সহযোগ আগবঢ়াইছে।

ইফালে আজি শুভাৰম্ভ হোৱা মহাবিদ্যালয়খনৰ সোণালী জয়ন্তী বৰ্ষ অনুষ্ঠানত কলিয়াবৰৰ বিভিন্ন দল-সংগঠন, প্ৰাক্তন ছাত্ৰ-ছাত্ৰী আৰু কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থাকে প্ৰমুখ্য কৰি স্থানীয় ৰাইজো উপস্থিত থাকে।