NORTHEAST NOW (Assamese)
অসম

ল’কডাউনৰ সময়ত সৰ্থেবাৰীৰ কেইবাখনো গাঁৱত খাদ্য সামগ্ৰী বিতৰণ কৃষ্ণগুৰু সেৱাশ্ৰমৰ

Posted by: পুলেন্দ্ৰ দাস Updated by: পুলেন্দ্ৰ দাস April 7, 2020 9:35 pm
sarthebari story

ক’ৰ’না ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰাৰ বাবে চৰকাৰে ঘোষণা কৰা ল’কডাউনৰ সময়ত ঘৰৰ ভিতৰত আৱদ্ধ হৈ পৰিছে দেশৰ জনসাধাৰণ।

এই সময়ছোৱাত অত্যাৱশকীয় খাদ্য-সামগ্ৰীৰ অভাৱত পৰিছে গৰিষ্ঠ সংখ্যক লোক। এনে লোকসকলক সকাহ দিয়াৰ উদ্দেশ্যে বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান আৰু দল-সংগঠন আৰু সদাশয় লোকে সহায়ৰ হাত আগবঢ়াইছে।

আজি আৰ্তজনৰ কাষত থিয় দিয়ে কৃষ্ণগুৰু সেৱাশ্ৰম। বৰপেটা জিলাৰ নসত্ৰস্থিত কৃষ্ণগুৰু সেৱাশ্ৰমৰ কৃষ্ণগুৰুৰ তত্বাৱধানত আৰু কৃষ্ণগুৰু আন্তৰ্জাতিক পৰিচালনা সমিতিৰ সহযোগিতাত ভক্তি মাতৃ কুন্তলা পাটোৱাৰী গোস্বামীৰ নেতৃত্বত সেৱাশ্ৰমৰ তৰফৰ পৰা সৰ্থেবাৰী ৰাজহ চক্ৰৰ অন্তৰ্গত কুৰিহা, এৰা, বামুন্দী, নামশলা পাম আদি কেইবাখনো গাঁৱৰ ৯০০ পৰিয়ালৰ মাজত অত্যাৱশকীয় খাদ্য-সামগ্ৰী বিতৰণ কৰা হয়।

ভক্তি মাতৃ কুন্তলা পাটোৱাৰী গোস্বামীয়ে লোকসকলক সামাজিক দূৰত্ব বজাই ৰাখিবলৈ আহ্বান জনোৱাৰ লগতে ক’ৰ’না ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে সঘনাই হাত ধুৱা আৰু চেনিটাইজাৰ ব্যৱহাৰ কৰিবলৈ পৰামৰ্শ দিয়ে।

আনহাতে, জৰুৰীকালীন সেৱাত নিয়োজিত চিকিৎসা কৰ্মী, নাৰ্চ আৰু সংবাদ মাধ্যমৰ কৰ্মীসকলক কৃতজ্ঞতা জ্ঞাপন কৰে কুন্তলা পাটোৱাৰী গোস্বামীয়ে।

উল্লেখ্য যোগ্য যে, লকডাউনৰ সময়ত কৃষ্ণগুৰু সেৱাশ্ৰমৰ কৃষ্ণগুৰু চিকিৎসা সেৱা সমিতিয়েও চাৰিদিন পূৰ্বে দৰিদ্ৰ পৰিয়ালৰ মাজত অত্যাৱশকীয় খাদ্য-সামগ্ৰী বিতৰণ কৰিছিল।