NORTHEAST NOW (Assamese)
অসম

নাগৰিকত্ব বিধেয়ক বাতিলৰ দাবীত বিশ্বনাথত কৃষক মুক্তিয়ে দাহ কৰিলে প্ৰধান মন্ত্ৰী-মুখ্য মন্ত্ৰীৰ প্ৰতিমূৰ্তি

Posted by: কাজি জেইদুল ইছলাম October 21, 2018 8:00 pm
Krishak Mukti Sangram Samitee Protest

নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিলৰ দাবীত ৰাজ্যজুৰি জাতীয় দল-সংগঠন বোৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি থকাৰ সময়তে আজি বিশ্বনাথ চাৰিআলিত পুনৰ বিধেয়কখনৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিলে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ লগতে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে।

বিশ্বনাথ চাৰিআলিৰ পুলিচ পইণ্টৰ সমীপত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত কৃষক মুক্তি সংগ্ৰাম সমিতি,ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত আৰু দুৰ্নীতি বিৰোধী যুৱ শক্তি অসমৰ বিশ্বনাথ জিলা সমিতিৰ সহযোগত এই প্ৰতিবাদী কাৰ্যসূচী পালন কৰা হয়।

বিধেয়কখন বাতিলৰ দাবীত প্ৰতিবাদকাৰীসকলে নৰেন্দ্ৰ মোদী হুচিয়াৰ, মুখ্য মন্ত্ৰী মুৰ্দাবাদ, অসম চৰকাৰ হায় হায়, অসমত হিন্দু বাংলাদেশীক সংস্থাপন দিয়া নহ’ব আদি শ্লোগানৰে উত্তাল কৰি তোলে প্ৰতিবাদস্থল।

বিভিন্ন শ্লোগানৰ উপৰি প্ৰতিবাদকাৰীসকলে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰতিমূৰ্তি দাহ কৰা দেখা যায়।

ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ বিশ্বনাথ জিলাৰ সম্পাদক তুলতুল দাস, কৃষক মুক্তি সংগ্ৰাম সমিতিৰ বিশ্বনাথ জিলাৰ সভাপতি বিনয় হাজৰিকা, কৃষক মুক্তিৰ কেন্দ্ৰীয় সমিতিৰ সদস্য জগত বৰা, কৃষক মুক্তি সংগ্ৰাম সমিতিৰ বিহালী আঞ্চলিকৰ সাংগঠনিক সম্পাদক গকুল দাস, দুৰ্নীতি বিৰোধী যুৱ শক্তি অসমৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক চাও ভাস্কৰ বৰুৱাকে আদি কৰি অৰ্ধশতাধিক লোকে আজিৰ এই প্ৰতিবাদ কাৰ্যসূচীত অংশগ্ৰহণ কৰে।