NORTHEAST NOW (Assamese)
অসম

কৃষ্ণাইত অবৈধ ফটকা ব্যৱসায়ীৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান

Posted by: নীলমণি শৰ্মা November 7, 2018 10:57 am
IMG_20181106_133252

গোৱালপাৰা জিলাৰ কৃষ্ণাইত মঙলবাৰে সন্ধিয়া আৰক্ষীয়ে অবৈধ ফটকা ব্যৱসায়ীৰ বিৰুদ্ধে অভিযান চলাই কৃষ্ণাই বজাৰৰ পৰা প্ৰায় দুই লক্ষাধিক টকাৰ বহিঃৰাজ্যত নিৰ্মিত ফটকা জব্দ কৰে।

জানিব পৰা মতে বজাৰখনত একাংশ ব্যৱসায়ীয়ে প্ৰশাসনৰ ফালৰ পৰা কোনো অনুমতি গ্ৰহণ নকৰাকৈয়ে মুকলিকৈ ফটকা বিক্ৰী কৰি আছিল। কৃষ্ণাই আৰক্ষীয়ে এই খবৰ লাভ কৰাৰ লগে লগে বজাৰখনত অভিযান চলাই  তিনিখন ব্যৱসায়ীক প্ৰতিষ্ঠানৰ পৰা প্ৰায় দুই লক্ষাধিক টকাৰ ফটকা জব্দ কৰিবলৈ সক্ষম হয়।

উল্লেখযোগ্য যে কৃষ্ণাই আৰক্ষীয়ে চলোৱা এই অভিযানৰ উমান লাভ কৰাৰ লগে লগে বহু ব্যৱসায়ীয়ে বজাৰৰ পৰা ফটকাসহ পলায়ন কৰিবলৈ সক্ষম হয়। অৱশ্যে অবৈধ ফটকাৰ ব্যৱসায় কৰাৰ অভিযোগত আৰক্ষীয়ে কোনো ব্যৱসায়ীকে আটক কৰা নাই বুলি জানিবলৈ দিয়ে।