NORTHEAST NOW (Assamese)
Popular Stories

ক’ভিড-১৯ত আক্ৰান্ত হ’ল জনপ্ৰিয় ষ্টেণ্ড-আপ কমেডিয়ান কুনাল কামৰা

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ April 6, 2021 6:50 pm

ক’ভিড-১৯ত আক্ৰান্ত হ’ল জনপ্ৰিয় ষ্টেণ্ড-আপ কমেডিয়ান কুনাল কামৰা।

আজি সামাজিক মাধ্যমযোগে তেওঁ এই কথা প্ৰকাশ কৰিছে।

তেওঁৰ উপৰিও তেওঁৰ পিতৃ-মাতৃৰো ক’ভিড পজিটিভ ধৰা পৰিছে বুলি তেওঁ প্ৰকাশ কৰিছে।

তেওঁৰ টুইটাৰ একাউণ্টৰ যোগেৰে কমেডিয়ানজনে জনায় যে তেওঁৰ পিতৃ-মাতৃ বৰ্তমান এখন চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে।

আনহাতে তেওঁ নিজা বাসগৃহত কোৱাৰেণ্টাইনত আছে।

তেওঁৰ স’তে শেহতীয়াকৈ সম্পৰ্কত থকা সকলো লোককে ক’ভিড টেষ্ট কৰিবলৈ তেওঁ অনুৰোধ জনায়।

লগতে ক’ভিডৰ দ্বিতীয় ঢৌক গভীৰভাৱে ল’বলৈও তেওঁ সকলোলৈকে অনুৰোধ জনাইছে।

উল্লেখযোগ্য নৰেন্দ্ৰ মোডী চৰকাৰৰ বিৰুদ্ধে সঘনাই ব্যংগাত্মক সমালোচনা কৰি চৰ্চালৈ অহা কমেডিয়ানজনৰ চ’চিয়েল মিডিয়াত অসংখ্য অনুৰাগী আছে।