NORTHEAST NOW (Assamese)

অৰুণাচলত ঠিকাদাৰে আৱদ্ধ কৰি ৰাখিছে অসমৰ শ্ৰমিকক

August 17, 2023 5:28 pm · এন ই নাও নিউজ, গুৱাহাটী

উত্তৰ অসমৰ লখিমপুৰ জিলাৰ পৰা কামৰ সন্ধানত অৰুণাচললৈ যোৱা ১০ জন শ্ৰমিকক আৱদ্ধ কৰি ৰাখিছে অৰুণাচল প্ৰদেশৰ ঠিকাদাৰে।

জানিব পৰা মতে, লখিমপুৰৰ নাওবৈচাৰ পৰা কামৰ বাবে অৰুণাচললৈ গৈছিল উক্ত শ্ৰমিককেইজন। অৰুণাচল প্ৰদেশৰ ক’ল’ৰিয়াঙত কাম কৰি আছিল শ্ৰমিক কেইজনে। 

খবৰ অনুসৰি তেওঁলোকৰ ঠিকাদাৰে তেওঁলোকক ঘৰলৈ উভটি আহিবলৈ দিয়া নাই আৰু তাত তেওঁলোকৰ ওপৰত বিভিন্ন ধৰণৰ নিৰ্যাতন চলোৱা হৈছে। 

পৰিয়ালৰ লোকে অভিযোগ কৰা মতে নিশাৰ ভাগত অত্যন্ত পৰিশ্ৰম কৰাৰ বাবে শ্ৰমিককেইজনৰ স্বাস্থ্যৰ অৱনতি ঘটিছে। 

শ্ৰমিককেইজনে তাৰ পৰা উভতি আহিবলৈ সহায় বিচাৰি কান্দি কান্দি এটা ভিডিঅ’ও পৰিয়াললৈ প্ৰেৰণ কৰিছে।

এই ভিডিঅ’ লাভ কৰাৰ পিছতে পৰিয়ালকেইটাই লখিমপুৰৰ আৰক্ষী অধীক্ষকৰ কাষ চাপিছে আৰু শ্ৰমিক সকলক অতি সোনকালে মুকলি কৰি দিবলৈ দাবী জনাইছে।

উল্লেখ্য যে ইয়াৰ পূৰ্বেও অসমৰ পৰা যোৱা শ্ৰমিকক অৰুণাচল প্ৰদেশত বিভিন্ন নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন হৈছে।

Related News