NORTHEAST NOW (Assamese)
অসম

“লাচিত বৰফুকন অখণ্ডতা আৰু শক্তিৰ প্ৰতীক আছিল”

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ November 24, 2019 8:58 pm
Lachit Borphukan

আজি তেজপুৰত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে কেন্দ্ৰীয়ভাৱে আয়োজন কৰা লাচিত দিৱসৰ কাৰ্য্যসূচীত ভাগ লৈ তেজপুৰ বিশ্ববিদ্যালয়ৰ সমাজতত্ত্ব বিভাগৰ মুৰব্বী অধ্যাপক চন্দন শৰ্মাই “অসমীয়াৰ গৌৰৱ, বুৰঞ্জীৰ বীৰ সেনাপতি লাচিত বৰফুকনক অখণ্ডতা আৰু শক্তিৰ প্ৰতীক আছিল” বুলি মন্তব্য কৰে।

তেওঁ বৰ্তমান অসম আৰু অসমীয়া জাতিয়ে সংকটৰ মাজেৰে আগ বাঢ়িছে বুলি মন্তব্য কৰি লাচিতৰ আদৰ্শক সাৰথি কৰি এই প্ৰত্যাহ্বানৰ বিৰুদ্ধে ঐক্যবদ্ধভাৱে থিয় হ’বলৈ আহ্বান জনায়।

অনুষ্ঠানটোত ভাগ লোৱা আন এজন বক্তা, দৰং মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক পুণেশ্বৰ নাথে বীৰজনাক অসমীয়া মানুহৰ অনুপ্ৰেৰণাৰ উৎস আখ্যা দিয়ে।

“২১ শতিকাটো অসমীয়া মানুহৰ বাবে সংকটৰ সময়। যদিহে অসমীয়াৰ মহান বীৰ লাচিতৰ আদৰ্শেৰে আমি একেখন মঞ্চত থিয় দিব নোৱাৰো তেন্তে আমি কঠিন প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব লাগিব”, নাথে কয়।

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বাবে বিজেপিক সমালোচনা কৰি অৱসৰপ্ৰাপ্ত অধ্যাপকজনে কয়, “বিতৰ্কিত বিধেয়কখনৰ দ্বাৰা বিজেপি চৰকাৰখনে অসমীয়া মানুহৰ গৌৰৱ নুমুৱাব বিচাৰিছে”।

দিল্লীৰ অসম আগ্ৰাসনক সুঁৱৰি সদৌ অসম সাংবাদিক সন্থাৰ সভাপতিয়ে কয়, “ৰাম সিংহই দিল্লীৰ পৰা অসম আক্ৰমণ কৰিবলৈ আহিছিল, যাক লাচিত বৰফুকনে প্ৰতিৰোধ কৰে। তেওঁৰ সাহসে তেওঁৰ সেনা আৰু অনুগামীক জাতিৰ বাবে উৎসৰ্গা কৰিবলৈ অনুপ্ৰাণিত কৰিছিল।

আৰম্ভণিতে বিষ্ণু ৰাভাৰ পুত্ৰ তথা শিল্পী পৃথ্বীৰাজ ৰাভাই দিৱসৰ কাৰ্য্যসূচীৰ আনুষ্ঠানিক শুভাৰম্ভ কৰে। ৰাভাই অসম লাহে লাহে অনুপ্ৰৱেশকাৰীৰ চৰণীয়া পথাৰত পৰিণত হৈছে বুলি মন্তব্য কৰি কয় যে বিদেশী সমস্যা সমাধান কৰিব পাৰিলেহে আমি বীৰজনৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰা হ’ব।

আনহাতে অসম জাতীয়তাবাদ যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক পলাশ চাংমায়ে অসমীয়া জাতি আৰু সমাজৰ গৌৰৱত আঘাত কৰিব পৰা কোনো কামৰ সৈতে আপোচ কৰা নহ’ব বুলি সকীয়াই দিয়ে।

পুৱা জিলাৰ উপায়ুক্ত মানৱেন্দ্ৰ প্ৰতাপ সিঙে উদ্বোধন কৰা এটা সাংস্কৃতিক শোভাযাত্ৰাৰে আজিৰ অনুষ্ঠানৰ শুভাৰম্ভ হয়। মূল কাৰ্য্যসূচীত সভাপতিত্ব কৰিছিল সংগঠনটোৰ কেন্দ্ৰীয় সভাপতি ৰাণাপ্ৰতাপ বৰুৱাই।

বৰুৱাৰ উপৰি উপস্থিত থকা শোণিতপুৰ সাহিত্য সভাৰ কাৰ্য্যবাহী সভাপতি ৰমেন গোস্বামী, শোণিতপুৰ আছুৰ সভাপতি অভিজিত নাথ, সদৌ চাওতাল ছাত্ৰ সন্থাৰ সভাপতি মিণ্ট হেমৰনে বক্তব্য ৰাখে।