NORTHEAST NOW (Assamese)
অসম

সমগ্ৰ ৰাজ্যৰ লগতে শিৱসাগৰতো লাচিত দিৱস পালন, বঙাইগাঁৱত স্মৰণ কৰিলে মুখ্যমন্ত্ৰীয়ে

Posted by: পাৰ্শ্বজ্যোতি গগৈ, শিৱসাগৰ Updated by: পাৰ্শ্বজ্যোতি গগৈ, শিৱসাগৰ November 24, 2021 2:36 pm

আজি লাচিত দিৱস। সমগ্ৰ ৰাজ্যতে আজি বিভিন্ন কাৰ্যসূচীৰে পালন কৰা হৈছে লাচিত দিৱস।

বঙাইগাঁৱত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেবিনেট বৈঠক আৰম্ভ হোৱাৰ পূৰ্বে লাচিতৰ প্ৰতিমূৰ্তিত পুষ্পাঞ্জলি অৰ্পনৰ জৰিয়তে বীৰ সেনানীগৰাকীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে প্ৰাচীন কীৰ্তিচিহ্ন সংৰক্ষণ সমিতিৰ উদ্যোগত আজি শিৱসাগৰৰ মুক্তিনাথ চাৰিআলিত থকা লাচিত উদ্যানত পালন কৰা হয় লাচিত দিৱস।

অসমৰ বীৰ সন্তান লাচিত বৰফুকনৰ প্ৰতিমূৰ্তিত বন্তি প্ৰজ্বলন আৰু মাল্যাপৰ্ণ কৰি আৰম্ভ হোৱা অনুষ্ঠানত বিশিষ্ট বুৰঞ্জীবিদ ৰেখামণি বৰা, শিৱসাগৰ ছোৱালী কলেজৰ বুৰঞ্জী বিভাগৰ অধ্যাপক প্ৰবীণ শৰ্মা, কৃতি শিক্ষয়িত্ৰী জ্যোতি বৰুৱা, গীতাঞ্জলি কোঁৱৰ, বিশিষ্ট কবি প্ৰেম গগৈকে ধৰি বহু গণ্যমান্য ব্যক্তিয়ে অংশ গ্ৰহণ কৰে।

অনুষ্ঠানটোৰ আঁতধৰে বীৰ লাচিত কলেজৰ অধ্যাপক সীমান্ত বৰুৱাই।