NORTHEAST NOW (Assamese)

বীৰ লাচিত সেনা গোলাঘাট জিলা সমিতিৰ বিনামূলীয়া চচমা প্ৰদান

October 13, 2018 5:25 pm · উত্তম শইকীয়া

বীৰ লাচিত সেনা, অসমৰ গোলাঘাট জিলা সমিতিৰ উদ্যোগত আজি বোকাখাত নাট্য মন্দিৰত এক অনুষ্ঠানৰ আয়োজন কৰা হয় ৷

এই অনুষ্ঠানত জিলাখনৰ ২০০ গৰাকী ১৮ বছৰৰ ঊৰ্ধ্বৰ আৰু ৬০ বছৰৰ অনূৰ্ধ্বৰ মহিলাক বিনামূলীয়াকৈ চচমা প্ৰদান কৰে।

অৱসৰপ্ৰাপ্ত শিক্ষক ফনীধৰ হাজৰিকাৰ পৌৰোহিত্যত অনুষ্ঠিত এই বিশেষ অনুষ্ঠানত বোকাখাতৰ বিশিষ্ট সাহিত্যিক নিজৰা বৰঠাকুৰ, সন্ধানী লেখিকা সমাৰোহ সমিতিৰ পত্ৰিকা সম্পাদক সুৱৰ্ণ শইকীয়া বৰদলৈ আৰু পুৱতি সাহিত্য সভাৰ প্ৰাক্তন সভাপতি কল্পনা চেতিয়া উপস্থিত থাকে।

সংগঠনটোৰ জিলা সভাপতি দেবচন্দন বৰাই আঁত ধৰা এই অনুষ্ঠানত বীৰ লাচিত সেনা, অসমৰ গোলাঘাট জিলা সমিতিৰ ঋতুঞ্জয় তামুলী, অমৃত গগৈ, বিৰাজ ফুকন আৰু মানস ভূঞা উপস্থিত থাকে।

আনহাতে আজিৰ অনুষ্ঠানটোতে বীৰ লাচিত সেনা, অসমৰ গোলাঘাট জিলা সমিতিয়ে বোকাখাতৰ স্থানীয় সাংবাদিকসকলক ফুলাম গামোচা আৰু মানপত্ৰৰে সম্বৰ্দ্ধনা জনায়।

Related News