NORTHEAST NOW (Assamese)
অসম

বোকাখাতত লাচিত সেনাৰ নিৰ্দেশত বন্ধ হৈ পৰিল পতঞ্জলিৰ সকলো প্ৰতিষ্ঠান

Posted by: উত্তম শইকীয়া October 1, 2018 10:30 pm
Image_1538410493356_2

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ বিৰুদ্ধে পতঞ্জলিৰ যোগ নিৰীক্ষক সতীনাথ বাৰালে কৰা কটু মন্তব্যৰ বিৰুদ্ধে বীৰ লাচিত সেনাৰ বোকাখাত গোটে আজি বোকাখাতত থকা পতঞ্জলিৰ সকলো প্ৰতিষ্ঠা বন্ধ কৰি দিয়ে।

বীৰ লাচিত সেনা অসমৰ গোলাঘাট জিলা আৰু বোকাখাত মহকুমা সমিতিয়ে সতীনাথ বাৰালৰ বিৰুদ্ধে চৰকাৰে কঠোৰ ব্যৱস্থা নোলোৱা পৰ্যন্ত বোকাখাতত পতঞ্জলিৰ সকলো প্ৰতিষ্ঠান অনিৰ্দিষ্ট কাললৈ বন্ধ ৰাখিবলৈ সংগঠনটোৱে জৰুৰী নিৰ্দেশ দিয়ে।

উল্লেখ্য যে সংগঠনটোৰ সদস্য সকলে আজি বোকাখাতত থকা পতঞ্জলিৰ সকলো বিপনীলৈ গৈ দোকান সমূহ বন্ধ কৰি দিবৰ বাবে নিৰ্দেশ দিয়াৰ পাছতেই অনিৰ্দিষ্ট কালৰ বাবে পতঞ্জলিৰ বিপনি সমুহ বন্ধ হৈ পৰে।

ইয়াৰ উপৰি যোগ নিৰীক্ষক সতীনাথ বাৰালৰ বিৰুদ্ধে বোকাখাত থানাৰ লগতে গোলাঘাট জিলাৰ সকলো থানাতে গোচৰ ৰুজু কৰে লাচিত সেনা অসমে ৷

উল্লেখ্য যে যোৱা শনিবাৰে দৰং জিলাৰ দুনীত এক যোগ শিবিৰত অংশ লৈ জগত গুৰু মহাপুৰুষ শংকৰদেৱ কোনো ডাঙৰ পণ্ডিত নহয়, নামঘোষাত কোনো ভাল কথা নাই, নামঘৰত মিঠাতেল চাকি মূর্খই জ্বলাই বুলি মন্তব্য কৰিছিল পতঞ্জলিৰ যোগ নিৰীক্ষক সতিনাথ বাৰালে। আৰু এই মন্তব্যৰ পাছতে সমগ্ৰ ৰাজ্যতে বিভিন্ন দল-সংগঠনে এই মন্তব্যৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হৈছে।