NORTHEAST NOW (Assamese)

গুৱাহাটী বিশ্ববিদ্যালয়ত গাড়ী চোৰৰ দপদপনি

February 22, 2019 11:49 am · এন ই নাও নিউজ
চুৰি হোৱা গাড়ীখনৰ ফাইল ফটো

গুৱাহাটী বিশ্ববিদ্যালয়ত দিনক দিনে গাড়ী চোৰৰ উপদ্ৰপ বৃদ্ধি পাই আহিছে। বৃহস্পতিবাৰে বিশ্ববিদ্যালয়ৰ মাজ মজিয়াত থকা উদ্ভিদ বিজ্ঞান বিভাগৰ চৌহদৰ পৰাই দিন-দুপৰতে চোৰে চুৰি কৰি নিলে ছাত্ৰী এগৰাকীৰ এ এচ-১৪ জে-৩০০৯ নম্বৰৰ ৰঙা ৰঙৰ স্কুটী এখন।

ছাত্ৰী-গৰাকীয়ে প্ৰকাশ কৰা অনুসৰি পৰীক্ষা দিবলৈ আহি বিভাগৰ চৌহদত গাড়ীখন ৰখাই থোৱা অৱস্থাৰ পৰাই চোৰে গাড়ীখনলৈ উধাও হয়। এতিয়া পৰ্য্যন্ত চিচি টিভি ফুটেজ পৰ্য্যবেক্ষণ কৰিও আৰক্ষীয়ে গাড়ীচোৰৰ কোনো সম্ভেদ লাভ কৰা নাই। বিশ্ববিদ্যালয় চৌহদৰ পৰা বিগত সময়তো ভালেকেইখন দুচকীয়া বাহন চুৰি হৈছিল।

উল্লেখযোগ্য যে, বিগত বৰ্ষত নাকৰ পৰ্য্যবেক্ষণৰ সময়ৰ পৰাই বিশ্ববিদ্যালয় চৌহদত চিচি টিভি কেমাৰা সংলগ্ন কৰা হৈছিল। তদুপৰি জালুকবাৰী আৰু সাতমাইলৰ দিশে থকা মুখ্য প্ৰবেশদ্বাৰ দুখনতো চিকিউৰিটি গাৰ্ড নিয়োগ কৰা হয়। কটকটীয়া নিৰাপত্তা ব্যৱস্থা থকাৰ পাছতো ছাত্ৰ-ছাত্ৰী সকলৰ দুচকীয়া বাহন সমূহ এনেদৰে চুৰি হৈ থকা ঘটনাই বিশ্ববিদ্যালয় চৌহদৰ ভিতৰত নিৰাপত্তা ব্যৱস্থাৰ ফোঁপোলা স্বৰূপটো উদঙাই দিছে।

উল্লেখযোগ্য যে, বিশ্ববিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগ, বাণিজ্য বিভাগ, গ্ৰন্থাগাৰ চৌহদ, নতুন ক’লা ভৱন চৌহদৰ পৰা প্ৰায়ে গাড়ী চোৰ হৈ থাকে।ছাত্ৰ-ছাত্ৰী সকলে বিভাগীয় কৰ্তৃপক্ষক বিশ্ববিদ্যালয় চৌহদত নিৰাপত্তা সুনিশ্চিত কৰাৰ বাবে দীৰ্ঘদিনৰ পৰাই দাবী জনাই আহিছে।

Related News