NORTHEAST NOW (Assamese)

ইপিনে গুণোৎসৱ, আনপিনে মাত্ৰ এজন শিক্ষকৰে এটা কোঠাতে চলিছে পাঁচটাকৈ শ্ৰেণীৰ পাঠদান

May 12, 2022 9:51 am · ৰিদিপ শৰ্মা,কলিয়াবৰ

ৰাজ্যত বুধবাৰৰ পৰা আৰম্ভ হৈছে গুণোৎসৱ। কিন্তু এই গুণোৎসৱৰ সময়তে কলিয়াবৰ শিক্ষাখণ্ডৰ অধীনত ৰেকাপাহাৰস্থিত নিজৰি বস্তি প্ৰাথমিক বিদ্যালয়ৰ দুখ লগা ছবিখন পোহৰলৈ আহিছে।

১৯৮২ চনতে স্থাপন হোৱা বিদ্যালয়খনত মাত্ৰ এজন শিক্ষকৰে এটা কোঠাতে চলিছে পাঁচটাকৈ শ্ৰেণীৰ পাঠদান।

শতাধিক ছাত্ৰ-ছাত্ৰী থকা বিদ্যালয়খনত প্ৰথম অৱস্থাত নাছিল এজনো শিক্ষক।

২০২১ বৰ্ষত ৰেকাপাহাৰ প্ৰাথমিক বিদ্যালয়ৰ পৰা বিচিত্ৰ বৰা নামৰ শিক্ষকজনক সংযোগী শিক্ষক হিচাপে নিযুক্তি দিয়ে।

আনহাতে এই পাঁচটা শ্ৰেণীৰ বাবে এটা কোঠাতে পাঠদান কৰিব লগীয়া হৈছে শিক্ষকজনে।

একমাত্ৰ বিদ্যালয়ৰ পৰিচালনা সমিতিৰ লগতে মাতৃ গোটৰ সদস্যাসকলে আহি শিক্ষকজনক সহায়ৰ হাত আগবঢ়াই আহিছে।

শীঘ্ৰে বিদ্যালয়খনত শিক্ষক নিযুক্তি দিবলৈ অনুৰোধ জনাইছে পৰিচালনা সমিতিয়ে।

ৰাজ্য চৰকাৰে ঢাক-ঢোল বজাই গুণোৎসৱ অনুষ্ঠিত কৰাৰ সময়তে এনেবোৰ কথায়ো এতিয়া ভবাই তুলিছে ৰাজ্যৰ সচেতন মহলক।

Related News