NORTHEAST NOW (Assamese)
Popular Stories

এসপ্তাহৰ ভিতৰত চীনা ছফ্টৱেৰ আৰু এবছৰৰ ভিতৰত হাৰ্ডৱেৰ বয়কট কৰক : লাডাখৰ অভিযন্তা চনম ৱাংচুকৰ দেশবাসীলৈ আহ্বান

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ May 30, 2020 8:16 am
এসপ্তাহৰ ভিতৰত চীনা ছফ্টৱেৰ আৰু এবছৰৰ ভিতৰত হাৰ্ডৱেৰ বয়কট কৰক : লাডাখৰ অভিযন্তা চনম ৱাংচুকৰ দেশবাসীলৈ আহ্বান

লাডাখৰ অভিযন্তা চনম ৱাংচুকে চীনা ছফ্টৱেৰ আৰু হাৰ্ডৱেৰ বৰ্জন কৰিবলৈ সকলোকে আহ্বান জনাইছে।

চীনা ছফ্টৱেৰ এসপ্তাহৰ ভিতৰত আৰু হাৰ্ডৱেৰ এবছৰৰ ভিতৰত সকলোকে বৰ্জন কৰিবলৈ আহ্বান জনাই অভিযন্তা ৱাংচুকে তেওঁ চীনত নিৰ্মিত ফোন আৰু এপছ সমূহ এসপ্তাহৰ ভিতৰত বৰ্জন কৰিছে বুলি উল্লেখ কৰে।

‘‘আমি চীনা সামগ্ৰী সমূহ ব্যৱহাৰ কৰি চীনক ব্যৱসায়িকভাৱে ধনৰ যোগান ধৰো আৰু তেওঁলোকে এই টকা ব্যৱহাৰ কৰি তেওঁলোকৰ সৈন্যক আমাৰ বিৰুদ্ধে থিয় কৰা,’’ ৱাংচুকে কয়।

ভাৰত আৰু চীনৰ মাজত শেহতীয়াভাৱে লাডাখ সীমান্তত চলি থকা সীমা বিবাদৰ পাছতে এনেদৰে চীনৰ সামগ্ৰী বয়কট কৰাৰ বাবে আহ্বান জনায় জনপ্ৰিয় অভিযন্তা গৰাকীয়ে।

উল্লেখযোগ্য যে, চীনে লাডাখ সীমান্তত অকস্মাৎ সেনা বাহিনীৰ উপস্থিতি বৃদ্ধি কৰিছিল।

চীনক প্ৰত্যুত্তৰ দি ভাৰতেও লাডাখ সীমান্তত নিজৰ সেনা বাহিনীৰ শক্তি বৃদ্ধি কৰিছিল।

চীনে পৰৱৰ্তী সময়ত ভাৰত-চীনৰ মাজৰ সীমা বিবাদ কুটনৈতিক আলোচনাৰ মাধ্যমত শান্তিৰে সমাধা কৰা হ’ব বুলি মন্তব্য কৰে।