NORTHEAST NOW (Assamese)
অসম

বিটিচিত বিজেপি চৰকাৰ হ’লেই লাফিকুল হত্যাকাৰীক চিনাক্ত কৰা হ’ব : মন্ত্ৰী হিমন্তৰ ঘোষণা

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া November 16, 2020 7:25 pm
Himuuu

ৰাজ্য কঁপাই যোৱা এবিএমছুৰ নেতা লাফিকুল ইছলাম হত্যাকাণ্ডৰ তদন্ত ক্ষীপ্ৰ গতিত হ’ব। বিটিচিত বিজেপি চৰকাৰ আহিলেই লাফিকুল ইছলামৰ হত্যাকাৰীক চিনাক্ত কৰি উলিওৱা হ’ব বুলি ঘোষণা কৰিছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

বাক্সাৰ গোৰেশ্বৰৰ এক নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি এই ঘোষণা কৰিছে মন্ত্ৰীগৰাকীয়ে।

‘লাফিকুলৰ হত্যাকাৰীক পোহৰলৈ আনিবৰ বাবে বিজেপি চৰকাৰে যিমানখিনি কৰিব লাগে কৰিব। চিবিআইয়ে তদন্ত চলাই আছে। ৰাজ্য চৰকাৰে চিবিআইৰ সৈতে যোগাযোগ কৰিম যাতে দুই তিনি মাহৰ ভিতৰত লাফিকুল ইছলামৰ হত্যাকাৰীক চিনাক্ত কৰিব পাৰি।‘ এইদৰে কয় হিমন্তই।

ইপিনে, হাগ্ৰামা মহিলাৰীয়ে অতদিনে বিটিচিত দাদাগিৰি চলাই আহিছে বুলি দাবী কৰি হিমন্তই লগতে কয় ‘হাগ্ৰামাৰ দাদাগিৰি নচলিব। হাগ্ৰামাই ১৫ বছৰ দাদাগিৰি চলালে।‘

আনহাতে, ‘বিটিচিত কেতিয়াও ৰাজনৈতিক হত্যাকাণ্ড হ’ব নোৱাৰিব।‘ বুলি সদৰী কৰি তেওঁ লগতে কয় ‘বিটিচিত এবাৰ বিজেপি চৰকাৰ আহিলো ভৱিষ্যতে কোনো ৰাজনৈতিক হত্যাকাণ্ড হ’ব নোৱাৰিব। সকলো লোকে নিৰাপদে থাকিব পাৰিব।‘