NORTHEAST NOW (Assamese)
অসম

চলচ্চিত্ৰ নিৰ্মাতাৰ বিৰুদ্ধে দেশদ্ৰোহিতাৰ গোচৰ; প্ৰতিবাদত বিজেপিৰ ত্যাগৰ ধুম উঠিছে লাক্ষাদ্বীপত

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ June 13, 2021 9:02 am
1500627572fe7493d9758e0eca1db9d11896960bcf72715bb9f9f37812ea9999

চলচ্চিত্ৰ নিৰ্মাতা আয়েছা চুলতানাৰ বিৰুদ্ধে ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ দাখিল প্ৰতিবাদত লাক্ষাদ্বীপত বিজেপিত পদত্যাগৰ ধুম উঠিছে।

বিজেপিৰ লাক্ষাদ্বীপ শাখাৰ কেইবাজনো নেতা-কৰ্মীয়ে শনিবাৰে পদত্যাগ কৰিছে।

বিজেপিৰ লাক্ষাদ্বীপ শাখাৰ মুৰব্বী চি আব্দুল খাদেৰ হাজীৰ অভিযোগৰ ভিত্তিতে কাভৰাট্টি আৰক্ষীয়ে ছুলতানাৰ বিৰুদ্ধে ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ ৰুজু কৰিছিল।

অভিযোগকাৰীয়ে সংবাদমাধ্যমত চুলতানাৰ মন্তব্যৰ উদ্ধৃতি দি তেওঁ কেন্দ্ৰীয়শাসিত অঞ্চলৰ প্ৰশাসক প্ৰফুল্ল পেটেলক ‘জৈৱ অস্ত্ৰ’ হিচাপে উল্লেখ কৰিছিল। ইয়াৰ ফলত দ্বীপপুঞ্জটোত গণ প্ৰতিবাদৰ জোৱাৰ উঠে।

তাৰ পাছতে বিজেপি নেতা-কৰ্মীসকলে পদত্যাগ কৰিবলৈ আৰম্ভ কৰে। তেওঁলোকে দাবী কৰে যে হাজীয়ে চুলতানাৰ বিৰুদ্ধে অনা অভিযোগ ভিত্তিহীন।

অভিযোগ কৰা হয় যে চুলতানা তথা তেওঁৰ পৰিয়ালৰ সন্মান হানি কৰাৰ উদ্দেশ্যেৰে এই অভিযোগ কৰা হৈছে। চুলতানাই কেবল দ্বীপপুঞ্জৰ মানুহৰ অধিকাৰৰ কথা কৈছিল। গোটেই বিজেপি শাখাই প্ৰফুল্ল পেটেলৰ গণতন্ত্ৰ বিৰোধী, জনসাধাৰণ বিৰোধী তথা ভয়াবহ নীতিৰ সমালোচনা কৰে।

বিজেপিৰ পৰা পদত্যাগ কৰাসকলৰ মাজত আছে বিজেপিৰ ৰাজ্যিক সম্পাদক আব্দুল হামিদ মুলিপুৰা, ৱাকফ বোৰ্ডৰ সদস্য উম্মুল কুলুওছ পুঠিয়াপুৰা, খাদী বোৰ্ডৰ সদস্য ছাইফুল্লাহ পাক্কিওডাকে ধৰি কেইবাজনো দলীয় কৰ্মী।

প্ৰফুল্ল পেটেলে আগবঢ়োৱা গো-মাংস বিক্ৰীৰ ওপৰত নিষেধাজ্ঞা, স্থানীয় নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতাত দুটা সন্তান থাকিলে নিষেধাজ্ঞা, ভূমি ব্যৱহাৰৰ নীতিত ব্যাপক পৰিৱৰ্তনকে ধৰি প্ৰস্তাৱসমূহক লৈ লাক্ষাদ্বীপ বিজেপিত ব্যাপক ক্ষোভৰ সৃষ্টি হৈছে।