NORTHEAST NOW (Assamese)
Popular Stories

প্ৰশান্ত মহাসাগৰীয় দ্বীপ ৰাষ্ট্ৰত বাতিল ললিত মোদীৰ পাছপ’ৰ্ট! গভীৰ সংকটত আইপিএলৰ পিতৃ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী March 10, 2025 3:05 pm

দক্ষিণ প্ৰশান্ত মহাসাগৰীয় দ্বীপ ৰাষ্ট্র ভানুআটু-এ বাতিল কৰিলে আইপিএলৰ পিতৃ ললিত মোদীৰ পাছপৰ্ট। প্ৰধানমন্ত্ৰী জোথাম নাপাটে ললিতৰ পাছপৰ্ট বাতিলৰ নিৰ্দেশ দিছে। কিছুদিন পূৰ্বে ললিতে ভানুআটুৰ নাগৰিকত্ব লাভ কৰিছিল। ইয়াৰ পাছত তেওঁ ভাৰতীয় পাছপৰ্ট ঘূৰাই দিবলৈ লণ্ডনত থকা ভাৰতীয় দূতাবাসত আবেদন জনায়। ইফালে ভানুআটুৱে তেওঁৰ পাছপৰ্ট বাতিল কৰে।

ভানুআটুৰ প্ৰধানমন্ত্ৰীয়ে কয় যে যদি কোনোবাই প্ৰত্যাৰ্পণৰ পৰা হাত সাৰিবলৈ আন দেশৰ পৰা নাগৰিকত্ব বিচাৰে তেন্তে ইয়াক বৈধ কাৰণ বুলি গণ্য কৰা নহব।

আইপিএলৰ শীৰ্ষত থকাৰ সময়তে ললিতৰ বিৰুদ্ধে বিপুল আৰ্থিক দুৰ্নীতিৰ অভিযোগ উত্থাপন হৈছিল। ভাৰতীয় ক্ৰিকেট বৰ্ডৰ বহু পৰিমাণৰ ধন আত্মসাৎ কৰাৰ অভিযোগো তেওঁৰ বিৰুদ্ধে উত্থাপন হৈছিল। ২০১০ চনত ললিতে ভাৰত এৰি থৈ যায়। তেতিয়াৰ পৰাই তেওঁ লণ্ডনত আছে। বিভিন্ন কেন্দ্ৰীয় তদন্তকাৰী সংস্থাই তেওঁৰ বিৰুদ্ধে উত্থাপিত অভিযোগৰ তদন্ত অব্যাহত ৰাখিছে। অৱশ্যে ললিতক ঘূৰাই পঠিয়াব পৰা নগল। পশ্চিম বংগৰ কয়লা সৰবৰাহৰ গোচৰৰ অন্যতম অভিযুক্ত যুৱ তৃণমূলৰ প্ৰাক্তন নেতা বিনয় মিশ্ৰও পলাতক হৈ আছে। ভানুআটুৰ নাগৰিকত্ব লৈছে। শেহতীয়াকৈ ললিতেও পাইছে। সূত্ৰ অনুসৰি ভানুআটুত তেওঁৰ পাছপৰ্ট বাতিলৰ আঁৰত নিউজিলেণ্ডকে ধৰি কেইবাখনো দ্বীপ ৰাষ্ট্ৰই আছে। নিউজিলেণ্ডত থকা ভাৰতৰ ৰাষ্ট্ৰদূত নীতা ভূষনে ললিতৰ পাছপৰ্ট বাতিল কৰাৰ উদ্যোগ লৈছিল।

যোৱা ৭ মাৰ্চত ললিতে ললিতে নিজৰ ভাৰতীয় পাছপৰ্ট ঘূৰাই দিবলৈ লণ্ডনৰ দূতাবাসলৈ অনুৰোধ জনায়। ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়েও এই খবৰ নিশ্চিত কৰিছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছৱালে কয় যে ললিত মোদীয়ে পাছপৰ্ট জমা দিবলৈ অনুৰোধ জনাইছে। আবেদনখন পুনৰীক্ষণ কৰা হব। তেওঁ ভানুআটুৰ নাগৰিকত্ব লাভ কৰিছে। সেই দিশটোকো আমি চাব লাগিব। বিগত এটা দশকত প্ৰচেষ্টা চলাইছে যদিও বিভিন্ন কেন্দ্ৰীয় তদন্তকাৰী সংস্থাই ললিতৰ ওচৰলৈ যাব পৰা নাই। নৰেন্দ্ৰ মোদী চৰকাৰৰ দিনত ললিতৰ বিৰুদ্ধে তদন্ত স্থবিৰ হৈ পৰা বুলি বিৰোধী শিবিৰৰ অভিযোগ। তেওঁক প্ৰত্যাৰ্পণ সন্দৰ্ভত কোনো ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই। ভানুআটুৰ পাছপৰ্ট বাতিল হোৱাৰ পাছত ললিতৰ ভৱিষ্যতক লৈ নতুন জল্পনা-কল্পনাৰ সৃষ্টি হৈছে।