NORTHEAST NOW (Assamese)
জীৱনশৈলী

পুত্ৰৰ সৈতে ভাবী বোৱাৰীৰ ছবি ভাইৰেল : পুত্ৰক দলৰ লগতে পৰিয়ালৰ পৰাও বহিষ্কাৰ কৰিলে লালুৱে

Posted by: নৰ্থ-ইষ্ট নাও ডেস্ক, গুৱাহাটী Updated by: নৰ্থ-ইষ্ট নাও ডেস্ক, গুৱাহাটী May 25, 2025 5:49 pm

বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা ৰাষ্ট্ৰীয় জনতা দলৰ সভাপতি লালু প্ৰসাদ যাদৱে জ্যেষ্ঠ পুত্ৰ তেজ প্ৰতাপ যাদৱক ছবছৰৰ বাবে দলৰ পৰা বহিষ্কাৰ কৰিছে। সামাজিক মাধ্যম এক্সত লালু প্ৰসাদে নিজেই ঘোষণা কৰিছে এই কথা।

লালুৱে এক্সত লিখিছে, “ব্যক্তিগত জীৱনত নৈতিক মূল্যবোধক অৱহেলা কৰিলে সামাজিক ন্যায়ৰ বাবে আমাৰ সামূহিক সংগ্ৰাম দুৰ্বল হৈ পৰে। মোৰ ডাঙৰ পুত্ৰৰ কাৰ্যকলাপ, ৰাজহুৱা আচৰণ আৰু দায়িত্বহীন আচৰণে আমাৰ পাৰিবাৰিক মূল্যবোধ আৰু পৰম্পৰাক আঘাত কৰিছে। সেয়েহে তেওঁক দল আৰু পৰিয়ালৰ পৰা আঁতৰাই পঠিওৱা হৈছে। এতিয়াৰ পৰা দল আৰু পৰিয়ালত তেওঁৰ কোনো ধৰণৰ ভূমিকা নাথাকিব। ছবছৰৰ বাবে তেওঁক দলৰ পৰা বহিষ্কাৰ কৰা হৈছে।”

উল্লেখ্য দীৰ্ঘদিন ধৰি তেজ প্ৰতাপৰ বাবে লালু প্ৰসাদৰ পৰিয়ালত নানা অশান্তিৰ সৃষ্টি হৈ আহিছিল।  এইবাৰ সহনশীলতাৰ সীমা অতিক্ৰম কৰি দলৰ পৃষ্ঠপোষক লালু প্ৰসাদ যাদৱে তেজ প্ৰতাপক ৰাষ্ট্ৰীয় জনতা দলৰ পৰা বহিষ্কাৰ কৰে।

উল্লেখ্য যে শনিবাৰে লালু প্ৰসাদ যাদৱৰ জ্যেষ্ঠ পুত্ৰ তেজ প্ৰতাপে ফেচবুকত এটা পোষ্ট শ্বেয়াৰ কৰে। তাতেই তেওঁ অনুষ্কা যাদৱ নামৰ যুৱতীৰ সৈতে দীৰ্ঘম্যাদী সম্পৰ্ক থকাৰ কথা ঘোষণা কৰে। তেওঁ কয় যে বিগত ১২ বছৰ ধৰি তেওঁলোকৰ মাজত প্ৰেম আৰু সম্পৰ্ক আছে। এই পোষ্টটোৱে সামাজিক মাধ্যমত যথেষ্ট চৰ্চা লাভ কৰে। ইয়াৰ পিছতে লালুৱে কয় যে ব্যক্তিগত জীৱনত নৈতিক মূল্যবোধক আওকাণ কৰিলে দলৰ সামাজিক ন্যায়ৰ বাবে সামূহিক সংগ্ৰাম দুৰ্বল হৈ পৰে। তেজপ্ৰতাপৰ আচৰণ পাৰিবাৰিক মূল্যবোধ বা পৰম্পৰাৰ লগত মিল নাছিল।

লালু প্ৰসাদ যাদৱৰ কনিষ্ঠ পুত্ৰ তেজস্বী যাদৱে দেওবাৰে পাটনাত এই পদক্ষেপ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে নিজৰ ৰাজনৈতিক আৰু ব্যক্তিগত জীৱন সুকীয়াকৈ ৰাখিব লাগে।

তেজস্বী যাদৱে কয় যে, “মই এইবোৰ ভাল নাপাওঁ আৰু সহ্যও নকৰো। ব্যক্তিগত জীৱনটো পৃথক হ’ব লাগে। তেওঁ এজন ডাঙৰ মানুহ, আৰু তেওঁৰ নিজৰ সিদ্ধান্ত লোৱাৰ অধিকাৰ আছে। অৱশ্যে শনিবাৰে সংগীৰ সৈতে কৰা পোষ্টটোৰ পিছতে তেজ প্ৰতাপে তেওঁৰ ছ’চিয়েল মিডিয়া একাউণ্ট হেক কৰা বুলি দাবী কৰে। তেওঁৰ কয় যে তেওঁৰ পৰিয়ালক অপমান কৰিবলৈ এই সামাজিক মাধ্যম হেক কৰি এই ফটোখন পোষ্ট কৰা হৈছে।