NORTHEAST NOW (Assamese)

বিজেপি নেতা চন্দু প্ৰসাদ জয়ছোৱালৰ বিৰূদ্ধে সংৰক্ষিত ভূমি বেদখলৰ অভিযোগ, এজাহাৰ দাখিল

July 19, 2021 6:17 pm · মানস প্ৰতিম গগৈ

তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ অন্তৰ্গত টিৰাপগেটৰ বিজেপি অ বি চি মৰ্চা মচাৰ তিনিচুকীয়া জিলা সমিতিৰ  উপ সভাপতি   চন্দু প্ৰসাদ জয়ছোৱালৰ বিৰুদ্ধে উত্থাপন হৈছে সংৰক্ষিত ভূমি বেদখলৰ অভিযোগ ।

টিৰাপ গেট শ্মাশানৰ সমীপৰ  প্ৰতিমা বিসৰ্জনৰ ৰাজহুৱা স্থানৰ প্ৰায় ডেৰ বিঘাতকৈ অধিক মুকলি  মাটি জয়ছোৱালে বেদখলৰ চেষ্টা চলোৱাৰ অভিযোগ উঠিছে।

আজি দুবছৰ ধৰি বেদখল কৰি অহা প্ৰায় ডেৰবিঘাতকৈ অধিক মাটিত ইতিমধ্যে চন্দু প্ৰসাদ জয়চোৱালে তিনিটাকৈ ভাড়াঘৰ নিৰ্মাণ কৰি ভাড়াতীয়াৰ পৰা  মাহে বাৰ শ টকাকৈ সংগ্ৰহ কৰি আহিছে।

ইয়াৰ উপৰিও লোকজনে বেদখল কৰা মুকলি ভূমিত তামোল পুলি ৰোপণ কৰাৰ যো জা কৰি আহিছে। যাৰফলত টিৰাপ নৈ লৈ নামি যোৱা ৰাজহুৱা পথটো বন্ধ হৈ পৰিছে। টিৰাপগেট শ্মশানৰ বহু মাটি ইতিমধ্যে নৈৰ বুকুত জাহ যোৱাত ভৱিষ্যতে শ্মশানৰ বাবে ৰাইজে উক্ত চৰকাৰী ভূমি ডোখৰো এক প্ৰকাৰে সংৰক্ষণ কৰি আহিছিল।

কিন্তু উক্ত ভূমিৰ বাবে  ৰাইজৰ বিপক্ষে গৈ চন্দু প্ৰসাদ জয়চোৱালে বেদখল কৰি অহাকলৈ ক্ষুদ্ধ হৈ পৰিছে  টিৰাপ গেট শ্মশান পৰিচালনা সমিতিৰ লগতে স্থানীয় ৰাইজ।

আজি স্থানীয় শতাধিক ৰাইজ ওলাই আহি চন্দু প্ৰচাদ  জয়ছোৱালে বেদখল কৰি নিৰ্মাণ কৰা তিনিটাকৈ ভাড়াঘৰ ভাঙি চুৰমাৰ কৰে।লগতে উক্ত স্থানত ৰোপণ কৰিবলৈ মজুত কৰি ৰখা বহুত তামোলপুলিও দলিয়াই নষ্ট কৰে।

ৰাইজে বেদখলকাৰী চন্দু জয়ছোৱালৰ বিৰুদ্ধে ইতিমধ্যে লেখাপানী থানাত এজাহাৰ দাখিল কৰিছে

Related News