NORTHEAST NOW (Assamese)
অসম

নগাঁও জিলাত ভূ মাফিয়াৰ দৌৰাত্ম্য, জালিয়াতি, ভয়-ভাবুকিৰে বলপূৰ্বক মাটি দখল

Posted by: মুৰলী বৰুৱা Updated by: মুৰলী বৰুৱা December 9, 2020 8:11 pm
IMG_20201209_192559

নগাঁৱত ভূ-মাফিয়াৰ দৌৰাত্ম্যত ৰাইজে জীয়াতু ভুগিব লগা হৈছে।

এই ভূ মাফিয়াৰ দল বিলাকে বিভিন্ন লোকক ভয় ভাবুকিৰে উচিত মূল্যতকৈ অতি কম দামত মাটি বিক্ৰী কৰিবলৈ বাধ্য কৰোৱা, বিক্ৰী কৰা মাটি জালিয়াতিৰে পুনৰ আন লোকক বিক্ৰী কৰা, বিক্ৰী কৰা মাটি গুণ্ডাবাহিনীৰ সহযোগত পুনৰ দখল কৰা, মাটিৰ গৰাকীয়ে গম নোপোৱাকৈয়ে মণ্ডলৰ সহযোগত মাটি নিজৰ নামত নামজাৰি কৰা আদি আইন বৰ্হিভূত কাৰ্য সংঘটিত কৰি গৈছে।

ফলত এতিয়া নগাঁও চহৰকে প্ৰমুখ্য কৰি জিলা খনৰ বিভিন্ন ঠাইত বহু মাটিৰ গৰাকীয়ে চৰম আতংক আৰু উদ্বিগ্নতাৰ মাজেৰে দিন কটাব লগীয়া হৈছে।

এই ভূ মাফিয়া সকল আৰ্থিক ভাৱে অতি সৱল হোৱা হেতুকে তেওঁ লোকে ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ চক্ৰ বিষয়া, মণ্ডল, কৰ্মচাৰী, আৰক্ষী থানাৰ আৰক্ষীকো সহজতেই মেনেজ কৰি আহিছে বুলিও অভিযোগ উঠিছে।

শেহতীয়াকৈ নগাঁও চহৰ আৰু ইয়াৰ পাৰ্শ্বৱৰ্তী এলেকাত মাটিৰ দাম আকাশলংঘী হোৱাৰ পৰিপ্ৰেক্ষিতত মাটিৰ ভূ মাফিয়াৰ কূপদৃষ্টি যিকোনো লোকৰ মাটিৰ ওপৰত পৰিবলৈ ধৰিছে।

নগাঁৱৰ ম’হখুলিত আৰম্ভ হৈছে ভূ-মাফিয়াৰ দৌৰাত্ম্য ৷ অৱশ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে জালিয়াতিৰে ঘৰ-মাটি দখলৰ চেষ্টা চলোৱা দুই ভূ-মাফিয়াক‌।

ধৃত দুই ভূ-মাফিয়া ম’হখুলিৰ আবুল কালাম আৰু ৰফিকুল ইছলাম বুলি আৰক্ষী সূত্ৰই জনাইছে। উল্লেখ্য যে, ইমতাজ আলী নামৰ ব্যক্তি এজনক প্ৰায় সাত বছৰৰ পূৰ্বে বিক্ৰী কৰা ঘৰ-মাটিৰ কাগজ জালিয়াতিৰে পুনৰ দখলৰ চেষ্টা কৰিছিল ভূ-মাফিয়াৰ দলটোৱে।

আনকি  বিক্ৰী কৰা ঘৰ -মাটি দখল কৰাৰ বাবে ঘৰটোত বসবাস কৰা লোকক ভূ-মাফিয়াৰ দলে আক্ৰমণ কৰাত উত্তপ্ত পৰিস্থিতিৰো সৃষ্টি হৈছিল।

অৱশ্যে অৱশেষত ভূক্তভোগী ইচুব আলীৰ এজাহাৰৰ ভিত্তিত ইটাচালী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে আবুল আৰু ৰফিকুলক।