NORTHEAST NOW (Assamese)
আন্ত: ৰাষ্ট্ৰীয়

চুডানত ভয়ংকৰ ভূমিস্খলন : কমেও ১০০০ লোকৰ মৃত্যু

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী September 2, 2025 3:39 pm

চুডানৰ বিদ্ৰোহী সংগঠন চুডান লিবাৰেশ্যন মুভমেণ্ট/সেনাই দেশখনৰ পশ্চিম অংশত হোৱা ভূমিস্খলনৰ ফলত কমেও ১০০০ লোকৰ মৃত্যু হোৱাৰ বাতৰি প্ৰকাশ কৰিছে।

এই কাণ্ড সংঘটিত হৈছে পশ্চিম চুডানৰ মাৰা পৰ্বতমালাত অৱস্থিত এটা দুৰ্গম অঞ্চলত।

সংস্থাটোৰ মতে, ৩১ আগষ্টত একেৰাহে কেইবাদিনো হোৱা ধাৰাসাৰ বৰষুণৰ বাবে এই ভূমিস্খলন সংঘটিত হয়। ইয়াৰ ফলত তাৰাছিন গাঁৱৰ এক বৃহৎ অংশ ধ্বংস হয় আৰু মাত্ৰ এজন লোকহে ৰক্ষা পৰে।

সংস্থাটোৱে ৰাষ্ট্ৰসংঘৰ লগতে অন্যান্য আঞ্চলিক আৰু আন্তঃৰাষ্ট্ৰীয় সংস্থাসমূহক মানৱীয় সাহায্যৰ বাবে আবেদন জনাইছে।

ভূমিস্খলন সংঘটিত হোৱা অঞ্চলটো চুডান লিবাৰেশ্যন মুভমেণ্ট/সেনাৰ নিয়ন্ত্ৰণত আছে। এই সংগঠনটোৱে চুডান সেনাৰ লগতে অৰ্ধসামৰিক ৰেপিড চাপৰ্ট ফৰ্চ (আৰ এছ এফ)ৰ বিৰুদ্ধে যুঁজি আছে।

এই যুদ্ধৰ বাবে উত্তৰ দাৰফুৰ ৰাজ্যৰ বহু বাসিন্দাই মাৰা পৰ্বতমালা অঞ্চলত আশ্ৰয় লৈছিল।

২০২৩ চনৰ এপ্ৰিল মাহৰ পৰা আৰম্ভ হোৱা চুডানৰ সেনা আৰু আৰ এছ এফৰ মাজত হোৱা গৃহযুদ্ধৰ ফলত দেশখন দুৰ্ভিক্ষপৰিছে আৰু পশ্চিম দাৰফুৰ অঞ্চলত গণহত্যাৰ অভিযোগ উত্থাপন হৈছে।

গৃহযুদ্ধত নিহত হোৱা লোকৰ সংখ্যাৰ আনুমানিক হিচাপ বেলেগ বেলেগ, কিন্তু যোৱা বছৰ আমেৰিকাৰ এজন বিষয়াই অনুমান কৰিছিল যে ২০২৩ চনৰ পৰা ১.৫ লাখ লোকৰ মৃত্যু হৈছে। প্ৰায় ১২ কোটি লোকে ঘৰ এৰি যাবলৈ বাধ্য হৈছে।