NORTHEAST NOW (Assamese)
অসম

বোকাখাত বাংকে মিচিং আগম কৌবাঙৰ উদ্যোগত ৩৭ সংখ্যক মিচিং ভাষা দিৱস উদযাপন

Posted by: উত্তম শইকীয়া ,বোকাখাত Updated by: উত্তম শইকীয়া ,বোকাখাত October 30, 2021 7:42 pm

“মিচিং ভাষা বৰ্তমানো সংকটমুক্ত নহয়।অসমৰ বৰ্তমানৰ শিক্ষা মন্ত্ৰী গৰাকীয়ে মিচিং জনগোষ্ঠীক প্ৰতিনিধিত্ব কৰিছে।তেখেত আছিল মিচিং সমাজৰ এগৰাকী সংগ্ৰামী লোক।মিচিং ভাষাৰ বাবে তেখেতেও সংগ্ৰাম কৰিছিল। কিন্তু আজিৰ তাৰিখলৈকে তেখেতে আমাক কোনো আশাৰ বতৰা দিব পৰা নাই।” শনিবাৰৰ দিনা বোকাখাতত আয়োজিত মিচিং ভাষা দিৱসত শিক্ষা মন্ত্ৰী ৰণোজ পেগুৰ ভূমিকাক লৈ এইদৰে মন্তব্য কৰে মিচিং আগম কৌবাঙৰ প্ৰাক্তন সচিব খগেন পেগুৱে।

শনিবাৰৰ দিনা বোকাখাতৰ ভকত চাপৰিত বোকাখাত বাংকে মিচিং আগম কৌবাঙৰ উদ্যোগত ৩৭ সংখ্যক মিচিং ভাষা দিৱসৰ অনুষ্ঠানত নিৰ্দিষ্ট বক্তাৰ ৰূপে অংশ লৈছিল খগেন পেগুৱে।

অনুষ্ঠানত পুৱা পতাকা উত্তোলন কৰে অনুষ্ঠানৰ সভাপতি বিলাস পেগুৱে।স্মৃতি তৰ্পণ কৰে অমূল্য পেগু আৰু ডিম্বেশ্বৰ মিৰিয়ে। মিচিং ভাষা দিৱস উপলক্ষে উলিওৱা সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰে উপদেষ্টা কণক মৰাঙে।

বিলাস পাংগিঙৰ পৌৰহিত্যত অনুষ্ঠিত মুকলি সভাত আদৰণী ভাষণ দিয়ে গকুল দাৱে। উদ্বোধন কৰে কেন্দ্ৰীয় সদস্যতপন কুটুমে।

বিশিষ্ট অতিথি ৰূপে অংশগ্ৰহণ কৰি বক্তব্য প্ৰদান কৰে বোকাখাত সাংবাদিক সংস্থাৰ সভাপতি বুবুল দত্ত, মিচিং দৃৰবৃ কেবাঙৰ সম্পাদক মিনুতা দলে,অংকুৰণ সাহিত্য সভাৰ সভাপতি সম্পাদক ক্ৰমে প্ৰহ্লাদ দাস আৰু মানস জ্যোতি দত্তআৰু পৃষ্ঠপোষক মুহিৰাম লইঙে।

সভাত গুমৰাগ নাচৰ লগতে অন্যান্য সাংস্কৃতিক কাৰ্যসূচী প্ৰদৰ্শন কৰে। অনুষ্ঠানৰ শেষত শলাগৰ শৰাই জ্ঞাপন কৰে বিজু পেগুৱে।