NORTHEAST NOW (Assamese)
অসম

অব্যাহত আছে চোৰাং কাঠৰ বেহা : মাৰ্ঘেৰিটাৰ লেখাপানীত বৃহৎ পৰিমাণৰ চোৰাং কাঠ জব্দ

Posted by: মানস প্ৰতিম গগৈ Updated by: মানস প্ৰতিম গগৈ November 27, 2020 6:51 pm
Screenshot_20201127_180154

ডিগবৈ বন সংমণ্ডলৰ অধীনস্থ মাৰ্ঘেৰিটা মহকুমাৰ লেখাপানী আঞ্চলিক বন বিভাগৰ এটা দলে আজি বৃহৎ পৰিমাণৰ চোৰাং কাঠ জব্দ কৰে।

লেখাপানী আঞ্চলিক বন বিষয়া কাৰ্যালয়ৰ অন্তৰ্গত পাহাৰপুৰ সংৰক্ষিত বনাঞ্চলৰ পৰা এক গোপন সূত্ৰৰ তথ্যৰ ভিত্তিত জব্দ কৰে প্ৰায় ৪০ চি এফ টি অবৈধ কাঠ।

আজি পুৱা প্ৰায় ১১ মান বজাত বন বিভাগৰ এটা দল উক্ত স্থানত উপস্থিত হৈ অবৈধভাবে মজুত কৰি ৰখা কাঠখিনি জব্দ কৰে{

অৱশ্যে বন বিভাগৰ লোকে কোনো লোকক কৰায়ত্ত কৰিবলৈ সক্ষম নহ’ল।

উল্লেখ্য যে, বিগত কিছুদিনৰ পৰা লেখাপানী আঞ্চলিক বন বিষয়া কাৰ্যালয়ৰ নৱ নিযুক্ত মহিলা বন বিষয়া গৰাকীৰ নেতৃত্বত বনাঞ্চলসমূহত চলি থকা অবৈধ কাম-কাজসমূহ বন্ধ কৰাৰ ক্ষেত্ৰত বিশেষ তৎপৰতা গ্ৰহণ কৰা দেখা গৈছে।