NORTHEAST NOW (Assamese)
অসম

আজি পৱিত্ৰ ভাদ মাহৰ অন্তিম দিন, হৰি নাম কীৰ্তনেৰে মুখৰিত মাজুলী

Posted by: মিটু খাটনিয়াৰ September 17, 2018 5:45 pm
Majuli

পৱিত্ৰ ভাদ মাহৰ আজি অন্তিম দিন। আজিৰ পৰা নাম-কীৰ্তন, প্ৰসঙ্গ-কীৰ্তন আৰু তাল-খোলৰ শব্দই ৰজন-জনাই থকা ৰাজ্যৰ নামঘৰ সমূহৰ পৰিৱেশ শান্ত হৈ পৰিব।

ভাদ মাহৰ মাহৰ অন্তিমটো দিনত আজি ৰাজ্যৰ আন আন ঠাইৰ লগতে শ্ৰীমন্ত শংকৰদেৱ-মাধৱদেৱৰ মিলনক্ষেত্ৰ সত্ৰপীঠ মাজুলীৰ অাকাশ বতাহ মুখৰিত হৈ পৰিছে। হৰি নাম কীৰ্তনৰ ধ্বনিত মুখৰিত হৈ পৰিছে মাজুলীৰ প্ৰতিটো নামঘৰ, প্ৰতিখন সত্ৰ ৷

এই উদ্দেশ্যে পুৱাৰে পৰা ৰাজ্যৰ ভিন্ন প্ৰান্তৰ ভকত বৈষ্ণৱৰ লগতে বহু দৰ্শনাৰ্থীৰ অাগমন ঘটে মাজুলীৰ সত্ৰ সমূহলৈ। ভকত বৈষ্ণৱ সকলে পুৱাৰে পৰা নাম কীৰ্তনৰ লগতে খোল প্ৰসংগ, তাল কোবোৱা, মঞ্জিৰা নাম পৰিৱেশন কৰে।

অানহাতে, অাবেলিলৈ ৰীতি নীতি পৰম্পৰাৰে ভাদ মাহৰ নাম সামৰণি অনুষ্ঠান অনুষ্ঠিত হয়।