NORTHEAST NOW (Assamese)

স্বাস্থ্যৰ অৱনতি! পুনৰ ভেন্টিলেশ্যনলৈ নিয়া হৈছে কিংবদন্তি কণ্ঠশিল্পী লতা মংগেশকাৰক

February 5, 2022 2:47 pm · এন ই নাও নিউজ, গুৱাহাটী

কিংবদন্তি কণ্ঠশিল্পী ভাৰতৰত্ন লতা মংগেশকাৰৰ স্বাস্থ্যৰ অৱনতি ঘটাৰ বাবে পুনৰ ভেন্টিলেশ্যনত দিয়া হৈছে। কিছুদি পূৰ্বে কৰ’নাত আক্ৰান্ত হৈছিল ৯২ বছৰীয়া সুৰ সম্ৰাজ্ঞীগৰাকী।

যোৱা ১১জানুৱাৰীত লতা মংগেশকাৰক মুম্বাইৰ ব্ৰীছ কেণ্ডি হাস্পাতালত ভৰ্তি কৰোৱা হৈছিল। কোভিডত আক্ৰান্ত কণ্ঠশিল্পীগৰাকীৰ নিউমোনিয়া ধৰা পৰিছিল।

শনিবাৰ হাস্পাতাল কৰ্তৃপক্ষই দিয়া এক বিবৃতিত কোৱা হৈছে, ‘’লতা মংগেশকাৰৰ স্বাস্থ্যৰ অৱস্থা পুনৰ অৱনতি ঘটিছে।‘’

বিবৃতিটোত হাস্পাতালখনৰ চিকিৎসক প্ৰতীত সমধানীয়ে কয়,’’কণ্ঠশিল্পীগৰাকীৰ স্বাস্থ্যৰ অৱস্থা সংকটজনক। তেওঁক ভেন্টিলেটৰ ছাপোৰ্টত ৰখা হৈছে। তেওঁ বৰ্তমান চিকিৎসকৰ তত্বাৱধানত আছে।‘’

লগতে পঢ়ক: প্ৰাক্তন প্ৰধানমন্ত্ৰী পি ভি নৰসিংহ ৰাওক পৰাজিত কৰা বিজেপিৰ প্ৰথম সাংসদ জংগা ৰেড্ডীৰ মৃত্যু

উল্লেখ্য যে প্ৰায় তিনি সপ্তাহ ধৰি হাস্পাতালৰ ভেন্টিলেশ্যনত থকাৰ পাছত যোৱা ৩০ জানুৱাৰীত সুৰ সম্ৰাজ্ঞী গৰাকীক সুস্থ হৈ উঠাৰ বাবে ভেন্টিলেশ্যনৰ পৰা বাহিৰলৈ অনা হৈছিল।

শাৰীৰিক দুৰ্বলতা আছিল  যদিও তেতিয়া তেওঁ চিকিৎসকসকলৰ সৈতে কথাও পাতিছিল।

হাস্পাতালত ভৰ্তি হোৱৰ পাছৰে পৰাই তেওঁৰ অজস্ৰ অনুৰাগীয়ে সুৰ সম্ৰাজ্ঞীগৰাকীৰ অসুস্থতাক লৈ চিন্তিত হৈ পৰাৰ লগতে আশু আৰোগ্য কামনা কৰি আহিছে।      

Related News