NORTHEAST NOW (Assamese)
অসম

কোকিলকণ্ঠীৰ মৃত্যত শোকাহত অসমো: টীয়ক, যোৰহাটত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান

Posted by: এন ই নাও নিউজ,টিয়ক Updated by: এন ই নাও নিউজ,টিয়ক February 6, 2022 7:47 pm

কোকিল কন্ঠী গায়িকা ভাৰতৰত্ন লতা মংগেশকাৰৰ বিয়োগত আজি সমগ্ৰ দেশ ম্ৰিয়মান। অসমো তাৰ ব্যতিক্ৰম নহয়।সকলোৰে শ্ৰদ্ধাৰ তথা মৰমৰ কন্ঠশিল্পীগৰাকীৰ এই বিয়োগত এতিয়া দেশবাসীয়ে তেওঁৰ অমৰ সৃষ্টিৰাজিক শ্ৰদ্ধাৰে সোঁৱৰি গভীৰ শোক প্ৰকাশ কৰি শ্ৰদ্ধাঞ্জলি জনাইছে।

ব্যতিক্ৰম নহয় টীয়কো, টীয়ক নগৰৰ মাজ মজিয়াত বৰা বজাৰ প্ৰাংগণত সন্মিলিত যুৱ সংঘ টীয়কৰ উদ্যোগত তথা ৰাইজৰ সহযোগত আজি বিয়লি বিশ্ব বিশ্ৰুত শিল্পীগৰাকীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰি এক ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰে।

উক্ত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত টীয়কৰ কেইবাগৰাকীও বিশিষ্ট ব্যক্তি তথা টীয়ক আঞ্চলিক ছাত্ৰ সন্থা,জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ,চুতীয়া ছাত্ৰ সন্থা,অসম নাট্য সন্মিলন, টীয়ক বাণিজ্য সন্থা, টীয়ক প্ৰেছ ক্লাৱৰ ভালেসংখ্যক বিষয়ববীয়া ধৰি বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ সদস্য উপস্থিত থাকি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে আৰু বিদেহ আত্মাৰ সদগতিৰ অৰ্থে ভগৱানৰ চৰণত এক মিনিট সময় মৌন প্ৰাৰ্থনা কৰি তেওঁক সদায় অমৰ কৰি ৰখাৰ অৰ্থে সংকল্পবদ্ধ হয়।

যোৰহাটৰ গড়আলিত যোৰহাট সাংস্কৃতিক মঞ্চ উদ্যোগত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰে।

ভাৰত ৰত্ন লতা মংগেশকাৰ মৃত্যুত গভীৰ শোক প্ৰস্তাৱৰ লগতে বন্তি প্ৰজ্বলন কৰে যোৰহাট সাংস্কৃতিক মঞ্চই।