NORTHEAST NOW (Assamese)
Popular Stories

লটাৰী নহয়, প্ৰেমৰ উপহাৰ! প্ৰেমিকাক ৯০০ কোটি টকাৰ সম্পত্তি দি গৈছে ইটালীৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীয়ে!

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী July 11, 2023 10:36 am

মৃত্যুৰ পূৰ্বে ইটালীৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ছিলভিও বাৰ্লুস্কোনিয়ে তেওঁৰ প্ৰেমিকা ৩৩ বছৰীয়া মাৰ্টা ফাচিনাক ১০০ মিলিয়ন বা ১০ কোটি ইউৰোৰ সম্পত্তি দি গৈছে। ভাৰতীয় মুদ্ৰাত প্ৰায় ৯০৬.২৯ কোটি টকা।

মৃত্যুৰ পূৰ্বে বাৰ্লুস্কোনিয়ে নিজৰ ধন-সম্পত্তি উত্তৰাধিকাৰীসকলৰ মাজত ভাগ কৰিছিল। তেওঁৰ সম্পত্তি ৬ বিলিয়ন ইউৰোতকৈও অধিক। যিটো ভাৰতীয় মুদ্ৰাত প্ৰায় ৫৫ হাজাৰ কোটিৰো অধিক। সেই হিচাপে অৱশ্যে মাৰ্টাক দিয়া ধন বৰ বেছি নহয় বুলিয়েই ক’ব পাৰি।

প্রেমিকা মার্টা ফাচিনাৰ সৈতে ইটালীৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ছিলভিও বাৰ্লুস্কোনি। ফাইল ফটো: সংগ্ৰহীত।

চলিত বৰ্ষৰ ১২ জুনত ৮৬ বছৰ বয়সত বাৰ্লুস্কোনিৰ মৃত্যু হয়। মাৰ্টাই তেওঁৰ দল ‘ফৰ্জা ইটালিয়া’ৰ ‘ডেপুটি’ৰ পদত অধিষ্ঠিত হৈ আছে। ২০২০ চনৰ মাৰ্চ মাহত বাৰ্লুস্কোনিৰ সৈতে ৰোমান্টিক সম্পৰ্ক স্থাপন কৰিছিল মাৰ্টাই। তেওঁলোকৰ বিয়া হোৱা নাই যদিও প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীয়ে মৃত্যুশয্যাত মাৰ্টাক ‘পত্নী’ বুলিয়েই উল্লেখ কৰিছিল।

প্রেমিকা মার্টা ফাচিনাৰ সৈতে ইটালীৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ছিলভিও বাৰ্লুস্কোনি। ফাইল ফটো: সংগ্ৰহীত।

২০১৮ চনত সেই দেশত অনুষ্ঠিত হোৱা সাধাৰণ নিৰ্বাচনৰ পিছৰে পৰা ইটালীৰ সংসদৰ নিম্ন সদনৰ সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰি আহিছে মাৰ্টা। ১৯৯৪ চনত বাৰ্লুস্কোনিয়ে ৰাজনীতিত প্ৰৱেশ কৰি তেওঁৰ দল ‘ফৰ্জা ইটালিয়া’ গঠন কৰিছিল।

বাৰ্লুস্কোনিয়ে নিজৰ পৰিয়ালৰ লোককো প্ৰাপ্য ধন-সম্পত্তিৰ ভাগ দিছে। ভাতৃ পাওলোৰ বাবে ৰখা হৈছে ৯০৫ কোটি টকা। তেওঁৰ ব্যৱসায়ৰ দায়িত্ব তেওঁৰ দুটা সন্তান মেৰিনা আৰু পিয়ৰ ছিলভিঅ’ৰ কান্ধত তুলি দিছে।

প্রেমিকা মার্টা ফাচিনাৰ সৈতে ইটালীৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ছিলভিও বাৰ্লুস্কোনি। ফাইল ফটো: সংগ্ৰহীত।

১৯৩৬ চনত মিলানত জন্ম হৈছিল বাৰ্লুস্কোনিৰ। তেওঁ নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল ভেকুৱাম ক্লিনাৰ বিক্ৰী কৰি। তেওঁ ইটালীৰ সৰ্ববৃহৎ মিডিয়া কোম্পানীটোৰ প্ৰতিষ্ঠাপক। পাছলৈ তেওঁ ইটালীৰ ৰাজনীতিত যোগদান কৰি অতি প্ৰভাৱশালী নেতা হিচাপে পৰিগণিত হয় আৰু পিছলৈ দেশৰ প্ৰধানমন্ত্ৰী হয়।