NORTHEAST NOW (Assamese)
অসম

বৰঝাৰ বিমান বন্দৰত উপস্থিত লাভলীনা: সোণৰ পদক পালে বেছি সুখী হলোহেঁতেন : লাভলীনা

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া August 12, 2021 10:34 am
loo

অলিম্পিকত ব্ৰঞ্জ জয় কৰি অসম ভূমিত আহি উপস্থিত অসম কন্যা লাভলীনা বৰগোহাঁই।

বৰঝাৰ বিমান বন্দৰত বিপুল আদৰণি জনোৱা হয় লাভলীনাক।

সংবাদ মাধ্যমৰ আগত মন্তব্য কৰি উচুপি উঠে লাভলীনা।

তেওঁ কয় “এতিয়া মই সুখী নহয়, সোণ পোৱাহেঁতেন বেছি সুখী হ’লোহেঁতেন। পাছৰ পৰ্য্যায়ত আৰু চেষ্টা কৰিম যাতে সোণৰ পদক লাভ কৰিব পাৰো।”

অসমবাসীৰ মৰমৰ বাবে তেওঁ সকলোকে কৃতজ্ঞতা জ্ঞাপন কৰে।

বিমান বন্দৰত লাভলীনাক ঢোলে-দগৰে আদৰণি জনোৱা হয়।

তেওঁক লগতে আদৰণি জনায় মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, সংসদীয় পৰিক্ৰমা বিভাগৰ মন্ত্ৰী পিযুষ হাজৰিকা, ক্ৰীড়া মন্ত্ৰী বিমল বৰা আৰু বিধায়ক বিশ্বজিত ফুকনে।