NORTHEAST NOW (Assamese)
অসম

উন্নত চিকিৎসাৰ অভাৱত অখিল; মানৱ অধিকাৰ আয়োগত অভিযোগ দাখিল আইন ছাত্ৰ সন্থাৰ

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া March 6, 2020 6:40 pm
Lawwww

যোৱা কিছুদিন ধৰি কাৰাগাৰৰ ভিতৰত কৃষক নেতা অখিল গগৈ অসুস্থ হৈ আছে যদিও তেওঁক উন্নত চিকিৎসাৰ বাবে চিকিৎসালয়ত ভৰ্তি নকৰাই কেৱল জিএমছিএইচত চিকিৎসা কৰাই পুনৰ কাৰাগাৰলৈ নিক্ষেপ কৰাত ক্ষুভিত সদৌ অসম আইন ছাত্ৰ সন্থা।

শুকুৰবাৰে ৰাজ্যিক মানৱ অধিকাৰ আয়োগৰ কাষ চাপি গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰৰ অধীক্ষকৰ বিৰুদ্ধে অভিযোগ দাখিল কৰে ছাত্ৰ সংগঠনটোৱে।

সদৌ অসম আইন ছাত্ৰ সন্থাৰ উপ সভাপতি দেৱাশিষ মেধিয়ে আজি ভঙাগড়স্থিত ৰাজ্যিক মানৱ অধিকাৰ আয়োগৰ কাৰ্য্যালয়ত এই অভিযোগ দাখিল কৰে।

অভিযোগ দাখিল কৰি আহি মেধিয়ে সংবাদ মাধ্যমৰ আগত কয়, ‘অখিল গগৈয়ে বাৰম্বাৰ তেওঁৰ পেটৰ বিষ, কঁকালৰ বিষ, জ্বৰ বুলি কৈ থকাৰ পাছতো গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰ কর্তৃপক্ষই তেওঁক মানুহ হিচাপে সামান্যতম অধিকাৰ প্ৰদান কৰিব পৰা নাই। এয়া কি ষড়যন্ত্ৰ চলিছে?’

Avijug Potro
আইন ছাত্ৰ সন্থাই মানৱ অধিকাৰ আয়োগত দিয়া এজাহাৰখন।

‘অসমবাসী ৰাইজে অখিল গগৈৰ মুক্তি বিচাৰি চকুপানী টুকিছে আৰু তেওঁ দোষী নহয় বুলি অসমবাসী ৰাইজে জানে। কিন্তু এটা এক ডাঙৰ ষড়যন্ত্ৰ, বাৰে বাৰে কা বিৰোধী আন্দোলনকাৰীক এনেদৰে চৰকাৰে মানসিক আৰু শাৰিৰীকভাৱে কষ্ট দি আহিছে,‘-মেধিয়ে এইদৰে কয়।

আইন ছাত্ৰ সন্থাৰ উপ-সভাপতিগৰাকীয়ে অখিল গগৈৰ উন্নত চিকিৎসাৰ দাবী জনাই লগতে কয়, ‘জেইলৰ কয়দী হিচাপেও তেওঁৰ এইখিনি অধিকাৰ। সেয়েহে মানুহ হিচাপে উন্নত চিকিসা প্ৰদান কৰি তেওঁৰ অধিকাৰ প্ৰদান কৰিবৰ বাবে মানৱ অধিকাৰ আয়োগক দাবী জনাইছো।‘

উল্লেখযোগ্য যে, চিকিৎসালয়ত গুৰুতৰভাৱে অসুস্থ হোৱাৰ বাবে জেইল কর্তৃপক্ষই অখিলক আজি জিএমছিএইচত ভৰ্তি কৰোৱাই স্বাস্থ্য পৰীক্ষা কৰাই পুনৰ কাৰাগাৰলৈ লৈ যায়।