NORTHEAST NOW (Assamese)
Popular Stories

পঞ্জাবত বিজেপি নেতাৰ ঘৰত ল’ৰেন্স বিষ্ণোই গেঙৰ আক্ৰমণ? গ্ৰেপ্তাৰ বাবা ছিদ্দিকী হত্যাকাণ্ডৰ অন্যতম অভিযুক্তজনক

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী April 8, 2025 8:48 pm

সোমবাৰে মাজনিশা এদল দুষ্কৃতিকাৰীয়ে বিজেপি নেতা তথা পঞ্জাবৰ প্ৰাক্তন মন্ত্ৰী মনোৰঞ্জন কলিয়াৰ জলন্ধৰৰ বাসগৃহৰ সন্মুখত বোমা আৰু গ্ৰেনেড নিক্ষেপ কৰে। এই ঘটনাৰ মূল অভিযুক্ত জিশান আখতাৰক গ্ৰেপ্তাৰ কৰা হৈছে। আৰক্ষীৰ সূত্ৰ অনুসৰি জিশান লৰেন্স বিষ্ণোইৰ ঘনিষ্ঠ। এন চি পি নেতা বাবা ছিদ্দিকীৰ হত্যাকাণ্ডৰ অন্যতম অভিযুক্ত। তদন্তকাৰীৰ আন এক সূত্ৰই দাবী কৰিছে যে পাকিস্তানৰ চোৰাংচোৱা সংস্থা আই এছ আইয়ে কিছুদিনৰ পৰা পঞ্জাবত সাম্প্ৰদায়িক সম্প্ৰীতি বিনষ্ট কৰাৰ বাবে বিভিন্ন কাৰ্যকলাপ চলাই আহিছে। এই ক্ষেত্ৰত তেওঁলোকে হয়তো সীমান্তৰ সিপাৰৰ পৰা বিজেপি নেতাজনৰ ওপৰত আক্ৰমণৰ পৰিকল্পনা কৰিছিল।

ঘৰৰ সমীপত হোৱা বিস্ফোৰণৰ পাছত সংবাদ মাধ্যমৰ আগত বিজেপি নেতাগৰাকীয়ে কয় যে, “সোমবাৰে পুৱা ১ বজাৰ ওচৰত একাংশ অচিনাক্ত দুষ্কৃতিকাৰীয়ে এই আক্ৰমণ সংঘটিত কৰে। হঠাতে মোক বজ্ৰপাতৰ দৰে তীব্ৰ শব্দই সাৰ পাই উঠিল। পাছত গম পালোঁ যে বিস্ফোৰণ হৈছে।”

আৰক্ষীৰ সূত্ৰ অনুসৰি বিজেপি নেতাগৰাকীৰ ঘৰৰ প্ৰৱেশদ্বাৰৰ সমীপতে নিক্ষেপ কৰা হয় বোমাটো। বিস্ফোৰণৰ ফলত ঘৰৰ সন্মুখৰ দুৱাৰ এখন ভাঙি যায়। সমগ্ৰ ঘটনাৰ চিচিটিভি ফুটেজ প্ৰকাশ পাইছে, যত ই-ৰিক্সাত উঠি বোমা নিক্ষেপ কৰি পলায়ন কৰা দুষ্কৃতিকাৰীকেইটা দেখা গৈছে।