NORTHEAST NOW (Assamese)
অসম

উচটনিমূলক মন্তৱ্য : বেংগলী যুৱ ফেডাৰেশ্যনৰ নেতা সুজিৎ সৰকাৰক গ্ৰেপ্তাৰ

Posted by: ৰিনয় বসুমতাৰী November 4, 2018 8:13 am
IMG-20181103-WA0023 (1)

ৰাজ্যখনত এন আৰ চি, নাগৰিকত্ব সংশোধনী বিধেয়ক তথা হিন্দু বাংলাদেশী সংস্থাপন আদি বিষয়ক লৈ পৰিস্থিতি উত্তপ্ত হৈ থকাৰ মাজতে প্ৰৰোচনামূলক বক্তব্য আগবঢ়োৱাৰ বাবে অৱশেষত গ্ৰেপ্তাৰ হ’ল বিটিচি বেংগলী যুৱ ফেডাৰেশ্যনৰ নেতা সুজিৎ সৰকাৰ।

বেংগলী যুৱ ফেডাৰেশ্যনৰ ওদালগুৰি জিলা সমিতিৰ সভাপতি সুজিৎ সৰকাৰক কোকৰাঝাৰ আৰক্ষীয়ে শনিবাৰে গ্ৰেপ্তাৰ কৰে।

সুজিৎ সৰকাৰৰ বিৰুদ্ধে আছুৰ ওদালগুৰি আঞ্চলিক সমিতিৰ পাছত শনিবাৰে আলোচনাপন্থী আলফা নেতা প্ৰবাল খাউণ্ডেও এজাহাৰ দাখিল কৰে। ইয়াৰ পাছতে বিগত কিছুদিন ধৰি পলাতক হৈ থকা সৰকাৰে শনিবাৰে কোকৰাঝাৰ আৰক্ষী থানাত আত্মসমৰ্পণ কৰে।

জানিব পৰা মতে আৰক্ষীয়ে ভাৰতীয় দণ্ড বিধিৰ ১২০(বি)/১৫৩(এ)/২৯৫(এ) ধাৰাৰ অধীনত টংলা থানাত পঞ্জীয়ন হোৱা ১৭৫/১৮ নম্বৰ গোচৰৰ ভিত্তিত সুজিৎ সৰকাৰক গ্ৰেপ্তাৰ কৰিছে।

গ্ৰেপ্তাৰ হোৱাৰ পাছত সৰকাৰক কোকৰাঝাৰ আৰক্ষীয়ে ওদালগুৰি আৰক্ষীক হস্তান্তৰ কৰিছে।

উল্লেখ্য যে ওদালগুৰিত ‘ডি’ ভোটাৰৰ জাননী লাভ কৰি এজন লোকে আত্মহত্যা কৰা সন্দৰ্ভত ওদালগুৰিত উপস্থিত হৈ সৰকাৰে কেতবোৰ উচটনিমূলক বক্তব্য দাঙি ধৰিছিল।